
Doctor Eating Cow Dung Viral Video: MBBS, MD চিকিৎসকজনে গোবৰ খোৱাৰ কাৰণ কি?
Doctor Eating Cow Dung Viral Video: MBBS, MD চিকিৎসকজনে গোবৰ খোৱাৰ কাৰণ কি?
সাম্প্ৰতিক সময়ত ভাৰতত গৰুৰ গোবৰ খোৱাৰ পক্ষত বাৰে বাৰে মন্তব্য কৰি আহিছে কট্টৰ হিন্দুত্ববাদীসকলে। আনকি অতিমাৰীৰ সময়ত কোৰোণাৰ পৰা বাচি থাকিবলৈ গোবৰ খোৱাৰো পৰামৰ্শ দিয়া দেখিবলৈ পোৱা গৈছিল বিজেপি নেতাক। কিন্তু এইবাৰ হাৰিয়ানাত দেখা গ'ল এক অদ্ভুত দৃশ্য। MBBS, MD এজন চিকিৎসকে গোবৰ খোৱাৰ ভিডিও এতিয়া ভাইৰেল ইণ্টাৰনেটত।
হাৰিয়ানাৰ কাৰ্নালৰ বাসিন্দা মনোজ মিত্তল এজন শিশুৰোগ বিশেষজ্ঞ। ভিডিওটোত পঞ্চগোবৰৰ উপকাৰীতাৰ বিষয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে চিকিৎসকজনক। ভিডিওটোত মনোজে কৈছে- তেওঁৰ পিতৃ-মাতৃয়েও উপবাসৰ পিছতে গোৱৰ খায়। সেই ধাৰা এতিয়াও তেওঁ অব্যাহত ৰাখিছে।
গোবৰৰ কি গুণাগুণ? মনোজাৰ মতে, তন মন আত্মা পবিত্ৰ হৈ যায়। শৰীৰক একেবাৰে বিশুদ্ধ কৰি পেলাই গোবৰে। ভিডিওটো ইণ্টাৰনেটত এতিয়া ভাইৰেল হৈ পৰিছে। ভাইৰেল হাৰিয়ানা নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ হৈছে ভিডিওটো।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|