চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ আৰ্তনাদ, আগতীয়া বুকিং নথকাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ অমান্তি চিকিৎসক!

News18-Assam
Updated:June 29, 2019, 12:23 PM IST
চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ আৰ্তনাদ, আগতীয়া বুকিং নথকাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ অমান্তি চিকিৎসক!
চিকিৎসকৰ যুক্তি, ৰোগীৰ মৃত্যু হ’লেহে সম্ভৱ ছাৰ্জাৰী! চিকিত্‍সকৰ হেমাহীত গৰ্ভতে মৃত্যু হয় সন্তানটিৰ

চিকিৎসকৰ যুক্তি, ৰোগীৰ মৃত্যু হ’লেহে সম্ভৱ ছাৰ্জাৰী! চিকিত্‍সকৰ হেমাহীত গৰ্ভতে মৃত্যু হয় সন্তানটিৰ

  • Share this:
দিল্লীৰ এইমছৰ জৰুৰীকালীন সেৱাত মহিলা স্ত্ৰী–ৰোগ বিশেষজ্ঞই আগতীয়া বুকিং নথকাৰ অজুহাত দেখুৱাই এগৰাকী জীৱন মৃত্যুৰে যুজি থকা গৰ্ভৱতী মহিলাক অস্ত্ৰোপ্ৰচাৰ কৰিবলৈ অমান্তি হয়। এনেদৰে চিকিৎসকৰ হেমাহীত মহিলাগৰাকীয়ে কেইবা ঘণ্টাধৰি অপেক্ষা কৰি থকাৰ পিছত হঠাৎ মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু গৰ্ভত থকা সন্তানটিয়ে মৃত্যুক সাৱটি ল’বলগীয়া হয়। পৰিস্থিতি বিষম দেখি মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ৰ আইচিইউত ভৰ্তি কৰা হয়।

৮ জুনত সংঘটিত হোৱা এই ঘটনাৰ সম্পৰ্কত প্ৰথম অৱস্থাত মহিলাগৰাকীৰ পৰিয়ালৰ লোক অৱগত নাছিল। পিছত জৰুৰীকালীন বিভাগৰ এগৰাকী চিকিৎসকে ১১ জুনত এইমছৰ ডাইৰেক্টক এই বিষয়ে লিখিত অভিযোগ দিয়ে। চিকিৎসালয় খনত ভৱিষ্যতে এনে ঘটনাৰ পুণৰাবৃত্তি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইমছ প্ৰশাসনে এখন কমিটি গঠন কৰি ঘটনাৰ সন্দৰ্ভত ১৬ দিনৰ ভিতৰত ৰিপৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

 
First published: June 29, 2019, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি