• Home
  • »
  • News
  • »
  • nation
  • »
  • সঁচাই এওঁলোক ভগৱান! Covid Positive ৰোগীক ১০ টকাত চিকিৎসা সেৱা আগবঢ়াই চৰ্চাত চিকিৎসক দম্পতী

সঁচাই এওঁলোক ভগৱান! Covid Positive ৰোগীক ১০ টকাত চিকিৎসা সেৱা আগবঢ়াই চৰ্চাত চিকিৎসক দম্পতী

এই কাৰ্যই লোকসকলৰ স্বাস্থ্য আৰোগ্য কৰাৰ লগতে মানৱ কল্যাণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

এই কাৰ্যই লোকসকলৰ স্বাস্থ্য আৰোগ্য কৰাৰ লগতে মানৱ কল্যাণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

এই কাৰ্যই লোকসকলৰ স্বাস্থ্য আৰোগ্য কৰাৰ লগতে মানৱ কল্যাণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

  • Share this:
চিকিৎসক হৈছে ভগৱান। জীৱন-মৰণৰ যুঁজখনত চিকিৎসকেই দিব পাৰে পুনঃজীৱন। কোৰোণাৰ দ্বিতীয় ঢৌৰ বিভীষিকাময় সময়ত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে দিন-ৰাতি একাকাৰ কৰি আগবঢ়াইছে সেৱা। মহামাৰীৰ এই জটিল সময়ত দেশৰ এক চিকিৎসক দম্পতীয়ে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন। জীৱন-মৰণৰ যুঁজখনত আদৰ্শ স্বাস্থ্য সেৱা আগবঢ়াই দেশজুৰি সমাদৃত হৈছে তেলেংগানাৰ এই দম্পতী। কোভিড ১৯ আক্ৰান্ত ৰোগীসকলৰ ব্যক্তিগতভাৱে সেৱা আগবঢ়াই আহিছে চিকিৎসক দম্পতীয়ে। কোনোধৰণৰ মাচুল অবিহনেই মাত্ৰ ১০ টকাৰ বিনিময়ত উপযুক্ত চিকিৎসাৰ যোগান ধৰে পেড্ডাপলীৰ এই দম্পতীয়ে।

পেড্ডাপলী চহৰৰ কোৰোণা ভাইৰাছত আক্ৰান্ত স্থানীয় লোকসকলে লাভ কৰাৰ বিনামূলীয়া চিকিৎসাত অতি উৎফুল্লিত। মহামাৰীৰ সমান্তৰালকৈ একাংশই চিকিৎসা আৰু স্বাস্থ্যৰ নামত চলোৱা ব্যৱসায়ৰ বিপৰীতে জনতাৰ সেৱা আগবঢ়োৱা এই চিকিৎসক দম্পতী সঁচাই প্ৰশংসাযোগ্য। সততে চিকিৎসাৰ ক্ষেত্ৰত অৱহেলিত হৈ ৰোৱা দৰিদ্ৰ আৰু নিপীড়িত লোকসকলৰ পৰা কেৱল নিম্নতম মাচুলৰ বিনিময়ত উপযুক্ত চিকিৎসা দিবলৈ সংকল্পবদ্ধ দুয়ো। কোৰোণা দ্বিতীয় ঢৌৰ সময়ছোৱাত দৰিদ্ৰ লোকসকলৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত তেওঁলোকৰ পূৰ্বৰ মাচুল ৩০০ টকাৰ পৰা ১০ টকালৈ হ্ৰাস কৰে চিকিৎসক দম্পতীয়ে।

এই কাৰ্যই লোকসকলৰ স্বাস্থ্য আৰোগ্য কৰাৰ লগতে মানৱ কল্যাণৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। নিৰন্তৰ ৰাইজৰ সেৱাত নিয়োজিত হৈ থকা চিকিৎসক স্বামী ডাঃ ৰাজু আৰু পত্নী পাৱনীৰ চিকিৎসা ল'বৰ বাবে এতিয়া ভিৰ কৰা দেখা যায় বহু ৰোগীয়ে।  ভৰ্তি হোৱাৰ ৰোগীৰ পৰাও নামমাত্ৰ মাচুলহে সংগ্ৰহ কৰে চিকিৎসক দম্পতীয়ে।

ইতিমধ্যে বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াই চৰ্চিত হৈ পৰিছে তেলেংগানাৰ এই দম্পতী। নামমাত্ৰ মাচুলেৰে ৰোগীক সেৱা আগবঢ়াই অত্যন্ত সুখী বুলিও ব্যক্ত কৰে দুয়োগৰাকীয়ে। চহৰৰ লোকসকলে সঠিক চিকিৎসাৰ লগতে বিশ্বাস আৰু আস্থাৰ জৰিয়তে ন্যূনতম মূল্যত সেৱা গ্ৰহণ কৰিব পাৰে এই চিকিৎসালয়ত। চিকিৎসক দম্পতীয়ে কয় যে কোভিড পজিটিভৰ আৰু অন্যান্য ৰোগীসকলক সেৱা আগবঢ়াই তেওঁলোকে গৌৰৱ অনুভৱ কৰে।
Published by:Sanjay Kumar Das
First published: