বেংকৰ কাম আছে যদি কৰি লওক! এই সপ্তাহত একেৰাহে তিনিদিন বেংক বন্ধ

News18 Assam | News18-Assam
Updated:January 27, 2020, 6:11 PM IST
বেংকৰ কাম আছে যদি কৰি লওক! এই সপ্তাহত একেৰাহে তিনিদিন বেংক বন্ধ
অহা ১১,১২,১৩ মাৰ্চত বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।

অহা ১১,১২,১৩ মাৰ্চত বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।

  • Share this:
বেংকৰ কাম আছে যদি সোনকালে কৰি লওক কাৰণ এই সপ্তাহত একেৰাহে তিনিদিন বেংক বন্ধ থাকিব। শুকুৰবাৰ আৰু শণিবাৰ অৰ্থাৎ অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে। সপ্তাহত পাঁচ দিন কাম, ‘Pay Structure পুনৰ নিৰ্ধাৰণ’ আদি বিভিন্ন দাবীৰে ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। ইয়াৰ উপৰিও অহা ১১,১২,১৩ মাৰ্চত বিক্ষোভ প্ৰদৰ্শন কৰিব বেংকৰ কৰ্মচাৰীসকলে। যদি চৰকাৰে দাবী মানি নলয় তেন্তে অহা ১ এপ্ৰিলৰ পৰা অনিৰ্দিষ্টকালীন বেংক ধঘৰ্মঘট কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিছে বেংক কৰ্মচাৰীয়ে।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ অহা ৩১ জানুৱাৰি আৰু ১ ফেব্ৰুৱাৰিত ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব।

দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰো ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ সকলো কাম-কাজ বন্ধ হৈ পৰিব।

উল্লেখযোগ্য যে, এই দিন দুটাত ধৰ্মঘট কাৰ্যসূচী সফল হয় তেন্তে একেৰাহে তিনিদিন ধৰি স্তব্ধ হৈ পৰিব বেংকৰ কাম কাজ, কিয়নো ২ ফেব্ৰুৱাৰি দেওবাৰ।

য়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ (য়ু এফ বি য়ু) হ’ল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিভিন্ন সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ।

অৱশ্যে এই মঞ্চৰ অধীনত নথকা ব্যক্তিগত খণ্ডৰ বেংক, যেনে ICICI, AXIS, HDFC, YES বেংক আদিৰ সেৱা অব্যাহত থাকিব বুলি নিশ্চিত হ’ব পৰা গৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি