বিশ্বত জিন্স(Jeans) আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম প্ৰৱৰ্তন কৰিছিল। এই দেশৰ পৰাই, জিন্স পৃথিৱীৰ সকলো ঠাইলৈ বিয়পি পৰিছিল। আজিৰ ফেশ্বন ষ্টেটমেণ্ট হিচাপে বিবেচিত জিন্স কাপোৰ প্ৰকৃততে শ্ৰমিকসকলৰ সুবিধাৰ বাবে তৈয়াৰ কৰা হৈছিল। জিন্স বনোৱাৰ প্ৰধান কাৰণটো আছিল, শ্ৰমিকসকলৰ পোছাক যাতে অত্যধিক লেতেৰা নহয় আৰু পেণ্টবোৰ বাৰে বাৰে ধুব নালাগে। পিছে আজিৰ দিনত সকলোৱেই জিন্স পিন্ধে। জিন্স পেণ্টত এটা সৰু পকেট (Tiny Pocket In Jeans) ইয়াৰ ভিতৰভাগত থাকে। আমি ইয়াক সাধাৰতে খুচুৰা পইছা বা মুদ্ৰা (Coin) ৰাখিবলৈ ব্যৱহাৰ কৰোঁ। কিন্তু আপোনাক জনাই থওঁ যে এইটো প্ৰকৃততে আন এটা কাৰণৰ বাবেহে ডিজাইন কৰা হৈছিল।
Omicron ৰ পৰা নিজৰ শিশুক আঁতৰাই ৰাখক, এনেকৈ বঢ়াওক ইম্যুনিটি
জিন্স পেণ্টৰ পকেটৰ ভিতৰলৈ অকণমান ঠাইত এই সৰু পকেটটো বনোৱা হয়। সাধাৰণতে আমি ইয়াত খুচুৰা পইচা (Coins) ৰাখোঁ। কিন্তু সোঁফালে বনোৱা এই সৰু পকেটটোৰ প্ৰকৃত ব্যৱহাৰ আন বেলেগ কাৰণতহে হয়। দৰাচলতে ইয়াক খুচুৰা পইচা ৰাখিবলৈ নহয় সৰু ঘড়ী (Watch) ৰাখিবলৈহে বনোৱা হৈছিল।
এইটোও পঢ়ক : World's Smallest Revolver: ছুইজাৰলেণ্ডে নিৰ্মাণ কৰা বিশ্বৰ সবাতোকৈ সৰু ৰিভলভাৰ এয়া, কিন্তু দামে চক খুৱাব!
দৰাচলতে জিন্সৰ ইতিহাস যথেষ্ট পুৰণি। প্ৰথমতে এই পেণ্ট শ্ৰমিকসকলৰ বাবে তৈয়াৰ কৰা হৈছিল কিন্তু পিছত ই এটা ফেশ্বন (Fashion) হৈ পৰিছিল। অষ্টাদশ শতিকাত হাতঘড়ীৰ ব্যৱহাৰ প্ৰায় নাছিল, সৰু চেইন ঘড়ীবোৰ চলিছিল। একোটা ঘড়ী ৰাখিবলৈ জিন্স পেণ্টত এই ঠাইখিনি পকেটত সৃষ্টি কৰা হৈছিল। ঠাইখিনি লেভী ষ্ট্ৰছ (Levi Strauss) নামৰ কোম্পানীটোৱে আৰম্ভ কৰিছিল। এতিয়া সেই ব্ৰেণ্ডটোৱেই লিভাইছ (Levis) হৈ পৰিছে।
কেতিয়াবা ঘড়ী ৰাখিবলৈ ব্যৱহাৰ হৈছিল ঝিন্সৰ সৰু পকেটটো
ৰীতিমতে সেয়ে জিন্স পেণ্টৰ সোঁফালে থকাএই সৰু পকেটখনক 'ৱাচ পকেট' (Watch Pocket) বুলি কোৱা হয়। আগৰ দিনত মানুহে এই পকেটটোত চেইনঘড়ীবোৰ ৰাখিছিল। ইয়াত ৰাখিলে ঘড়ীটো পৰি যোৱা বা ভঙাৰ বা নষ্ট হোৱাৰ আশংকা নাথাকে। সৰু পকেটটোত ঘড়ীটো ধুনীয়াকৈ সোমাই থাকে আৰু শ্ৰমিকসকলেও আৰামত কাম কৰি থাকিব পাৰিছিল। পিছে হাতঘড়ী (Wrist Watch)ৰ প্ৰচলন আৰম্ভ হোৱাৰ পৰা এই সৰু পকেটটোৰ ব্যৱহাৰ কমি আহিল যদিও জিন্স পেণ্টৰ পৰা ই আতৰি নগ'ল। কিয়নো ঘড়ীৰ ঠাইত মানুহে ইয়াত খুচুৰা পইচা ৰাখিবলৈ ল'লে । আৰু পিছলৈ এই পকেটটো খুচুৰা পইচা ৰাখিবলৈকে বনোৱা বুলি ধাৰণা এটা গঢ় লৈ উঠিল। যিয়েই নহওক এই সৰু পকেটটোৰ আঁৰত যে ইমান এটা সুন্দৰ আৰু অৰ্থৱহ কাহিনী আছে জানিলে সঁচাকৈ মনটো পুলকিত হৈ পৰে।
Read all
News in Assamese ,
Assam News Today ,
Entertainment News in Assamese ,
Business News in Assamese ,
Sports News in Assamese ,
Health News in Assamese ,
India News in Assamese Published by: Manjumoni Borah
First published: December 12, 2021, 21:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|