৫০ লাখ চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ! ৫ শতাংশ DA বৃদ্ধি কৰিলে চৰকাৰে

News18-Assam
Updated:October 9, 2019, 3:10 PM IST
৫০ লাখ চৰকাৰী কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ! ৫ শতাংশ DA বৃদ্ধি কৰিলে চৰকাৰে
Photo : moneycontrol.com

৬২ লাখ পেঞ্চন প্ৰাপকেও লাভ কৰিব এই বৰ্ধিত বানচ।

  • Share this:
কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে সুখবৰ। ৫০ লাখ চৰকাৰী কৰ্মচাৰীলৈ মোদী চৰকাৰে আগবঢ়ালে দীপাৱলীৰ উপহাৰ। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত কৰ্মচাৰীৰ DA ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ১২ শতাংশৰ পৰা ১৭ শতাংশলৈ বৃদ্ধি পালে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ। ইফালে, ৬২ লাখ পেঞ্চন প্ৰাপকেও লাভ কৰিব এই বৰ্ধিত বানচ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি কয় যে DA ৫ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে ২–৩ শতাংশলৈহে বৃদ্ধি পাইছিল মৰগীয়া বানচ। কেন্দ্ৰৰ এই সিদ্ধান্তৰ বাবে ১৬,০০০ কোটি টকাৰ অতিৰিক্ত বোজা গ্ৰহণ কৰিব লাগিব। ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কৰ্মচাৰীয়ে লাভ কৰিব বৰ্ধিত মৰগীয়া বানচ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি