সুখবৰ! দীপাৱলীৰ প্ৰাকক্ষণত ১০লাখ বেংক কৰ্মচাৰীয়ে পাব এমাহৰ বোনাচ

ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনে সকলো চৰকাৰী বেংকত অতি শীঘ্ৰে বেংক কৰ্মচাৰী আৰু বিষয়াসকলক এমাহৰ দৰমহা এডভান্স এৰিয়াৰ হিচাপে দিবলৈ নিৰ্দেশ দিছে। 

News18
Updated:October 2, 2019, 1:33 PM IST
সুখবৰ! দীপাৱলীৰ প্ৰাকক্ষণত ১০লাখ বেংক কৰ্মচাৰীয়ে পাব এমাহৰ বোনাচ
ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনে সকলো চৰকাৰী বেংকত অতি শীঘ্ৰে বেংক কৰ্মচাৰী আৰু বিষয়াসকলক এমাহৰ দৰমহা এডভান্স এৰিয়াৰ হিচাপে দিবলৈ নিৰ্দেশ দিছে। 
News18
Updated: October 2, 2019, 1:33 PM IST
১৪লাখতকৈ অধিক বেংক কৰ্মচাৰীৰ কাৰণে সুখবৰ। দীপাৱলীৰ পূৰ্বে বেংক কৰ্মচাৰীসকলে উপহাৰ পাবলৈ গৈ আছে। ইণ্ডিয়ান বেংক এছ’চিয়েশ্যনে সকলো চৰকাৰী বেংকক অতি শীঘ্ৰে বেংক কৰ্মচাৰী আৰু বিষয়াসকলক এমাহৰ অগ্ৰিম ধন বকেয়া হিচাপে দিবলৈ নিৰ্দেশ দিছে। এই বকেয়া ডিএ আৰু বেছিকক মিলাই দিয়া হ’ব।

আইবিএ সকলো চৰকাৰী বেংকক কৈছে যে যি অগ্ৰিম ধন বেংক কৰ্মচাৰীসকলক দিয়া হ’ব সেয়া পৰৱৰ্তী সময়ত দৰমহা বৰ্ধিত দৰমহাৰ পৰা বুজাবুজিৰ পিছত নিৰ্ধাৰিত বকেয়াৰ পৰা কৰ্তন কৰা হ’ব।

এইসকল কৰ্মচাৰীয়ে পাব সুবিধা

ফাইনেনচিয়েল এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি এই এডভান্স কেৱল সেই সকল কৰ্মচাৰীকে দিয়া হ’ব যিসকলে ১নৱেম্বৰ ২০১৭ত বেংকৰ চাকৰি কৰি আছিল আৰু এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰা নাই। যিসকল কৰ্মচাৰীয়ে এক নৱেম্বৰ ২০১৭ৰ পিছত আৰু ৩১মাৰ্চ ২০১৯ৰ পূৰ্বে চাকৰিত যোগদান কৰিছে তেওঁলোকক আধা দৰমহাহে এডভান্স হিচাপে দিয়া হ’ব।

স্থায়ী কৰ্মচাৰীসকলে পাব বৰ্ধিত দৰমহা

কৰ্মচাৰী আৰু পৰিচালনা কৰ্তৃপক্ষৰ মাজত বেতন সংশোধনৰ বুজাবুজিৰ পিছত স্বাক্ষৰ কৰাৰ পিছত এই এডভান্সক বকেয়াৰ সৈতে এডজাষ্ট কৰা হ’ব। IBA–এ বেংকক কৈছে যে বেংক কৰ্মচাৰীসকলক কোৱা হৈছে যে এই পদক্ষেপ এক শুভেচ্ছামূলক বাৰ্তা হিচাপে গ্ৰহণ কৰা হয় আৰু পৰৱৰ্তী সময়ত এই এডভান্স পেমেণ্টক প্ৰকৃত এৰিয়াৰৰ সৈতে মিলাই দিয়া হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি