দাম্পত্য জীৱন আৰম্ভ নহ’লেই, ১০ ঘণ্টাৰ ভিতৰতে তালাক, কাৰণ জানিলে আচৰিত হ’ব আপুনি

News18-Assam
Updated:June 20, 2019, 12:53 PM IST
দাম্পত্য জীৱন আৰম্ভ নহ’লেই, ১০ ঘণ্টাৰ ভিতৰতে তালাক, কাৰণ জানিলে আচৰিত হ’ব আপুনি
দাম্পত্য জীৱনৰ আৰম্ভণি নৌহওঁতেই বিচ্ছেদ ঘটিল দৰা–কইনাৰ। দৰা পক্ষৰ মানুহে ছোৱালী পক্ষক বহু বুজাবলৈ চেষ্টা কৰিলে যদিও সেয়া ব্যৰ্থ হয়।

দাম্পত্য জীৱনৰ আৰম্ভণি নৌহওঁতেই বিচ্ছেদ ঘটিল দৰা–কইনাৰ। দৰা পক্ষৰ মানুহে ছোৱালী পক্ষক বহু বুজাবলৈ চেষ্টা কৰিলে যদিও সেয়া ব্যৰ্থ হয়।

  • Share this:
বিয়াৰ ১০ ঘণ্টাৰ পিছতে স্বামী–স্ত্ৰীৰ বিচ্ছেদৰ ঘটনা শুনিছেনে? বিচ্ছেদৰ কাৰণ জানিলে আৰু আচৰিত হ’ব আপুনি। ঘটনাটো ঝাৰখণ্ডৰ দেৱঘৰ অঞ্চলৰ। জোৰোণত পুৰণি কাপোৰ দিয়াক লৈ নিকাহৰ ১০ ঘণ্টাৰ ভিতৰতে তালাক হ’ল এহাল নৱ দম্পতীৰ। পিণ্ডাৰী নামৰ গাঁওখনত জোৰোণত পুৰণি কাপোৰ দিয়াক লৈ বিবাদ ইমানে তুংগত উঠিল যে শেষত দাম্পত্য জীৱনৰ আৰম্ভণি নৌহওঁতেই বিচ্ছেদ ঘটিল দৰা–কইনাৰ। দৰা পক্ষৰ মানুহে ছোৱালী পক্ষক বহু বুজাবলৈ চেষ্টা কৰিলে যদিও সেয়া ব্যৰ্থ হয়।

এটা সংবাদ মাধ্যমৰ ৰিপ’ৰ্ট অনুসৰি, ছোৱালী পক্ষৰ মতে জোৰোণত দৰা পক্ষই দিছিল পুৰণি পোছাক। দৰা পক্ষই কৈছিল যে নতুন কাপোৰ ঘৰৰ পৰা হেৰাইছে, সোনকালে আনি দিয়া হ’ব। এই কথাত কইনা পক্ষৰ মানুহ ক্ষুব্ধ হৈ পৰে আৰু কয় যে জোৰোণতে যদি পুৰণি কাপোৰ পিন্ধোৱা হয় পিছলৈ কি হ’ব সেয়া ওপৰৱালাইহে জানে। দুয়ো পক্ষৰ মাজৰ সংঘাতে চূড়ান্ত ৰূপ লয় আৰু কইনা পক্ষৰ লোকে দৰা পক্ষৰ লোকক আবদ্ধ কৰি ৰাখে।

পৰিস্থিতিৰ অৱনতি ঘটাত স্থানীয় বিধায়কক মাতি আনে গাঁওবাসীয়ে। ৰাইজে বিচাৰ কৰি দৰাপক্ষক কইনাৰ মূল্য হিচাপে ৩.৪০ লাখ টকা ওভতাই দিবলৈ বাধ্য কৰায়। ইয়াৰ পিছতে মুছলমান ৰীতি–নীতি অনুসৰি নৱ দম্পতীৰ তালাক হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি