Covid ভেকচিন লওক আৰু ঘৰলৈ আনক সোণৰ মুদ্ৰাৰ লগতে বহুতো আকৰ্ষণীয় পুৰস্কাৰ !

News18 Assam | News18-Assam
Updated:June 7, 2021, 10:53 AM IST
Covid ভেকচিন লওক আৰু ঘৰলৈ আনক সোণৰ মুদ্ৰাৰ লগতে বহুতো আকৰ্ষণীয় পুৰস্কাৰ !
৪৫ বছৰ উৰ্ধ্বৰ ভেকচিনপ্ৰাপ্ত কৰা ৬ জন লোকক ছয় পৃষ্ঠপোষকে বিভিন্ন ধৰণৰ উপহাৰ প্ৰদান কৰিছিল, যাৰ ভিতৰত আছে সোণৰ মুদ্ৰাও ।

৪৫ বছৰ উৰ্ধ্বৰ ভেকচিনপ্ৰাপ্ত কৰা ৬ জন লোকক ছয় পৃষ্ঠপোষকে বিভিন্ন ধৰণৰ উপহাৰ প্ৰদান কৰিছিল, যাৰ ভিতৰত আছে সোণৰ মুদ্ৰাও ।

  • Share this:
কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ এই বিভীষিকাময় সময়ত এই ৰোগৰ সৈতে যুঁজিবলৈ আৰু নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ সকলোৱে ভেকচিন গ্ৰহণ কৰা উচিত। চৰকাৰে দ্ৰুতগতিত টিকাকৰণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে সকলোকে ভেকচিন গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে ভেকচিন লাভ কৰাৰ বাবে জনসাধাৰণৰ মাজত সৃষ্টি কৰা হৈছে সজাগতা । ইয়াৰ মাজতে কোৰোণা ভেকচিনৰ টিকাৰ প্ৰতি সাধাৰণ জনক আকৰ্ষণৰ বাবে এইবাৰ বিহাৰৰ শিৱহাৰ জিলাত মুকলি কৰা হৈছে এক অভিনৱ পন্থা। ভেকচিন গ্ৰহণ কৰি উপহাৰ হিচাপে লাভ কৰিব পাৰে সোণৰ মুদ্ৰা।

দৰাচলতে, শিৱহাৰ জিলাৰ ডি.এম এ জিলাখনত টিকাকৰণৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে এক অনন্য পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ বাবে জিলা প্ৰশাসনক সহায়ৰ বাবে বহুতো সামাজিক সংগঠন আৰু পৃষ্ঠপোষক আগবাঢ়ি আহিছে। ৪৫ বছৰ উৰ্ধৰ ভেকচিনপ্ৰাপ্ত কৰা ৬ জন লোকক ছয় পৃষ্ঠপোষকে বিভিন্ন ধৰণৰ উপহাৰ প্ৰদান কৰিছিল, যাৰ ভিতৰত আছে এটা সোণৰ মুদ্ৰা। ইতিমধ্যে ভেকচিনৰ বিনিময়ত উপহাৰৰ টোপোলাৰ এই বিষয়টোৱে জিলাখনত লাভ কৰিছে বিশেষ চৰ্চা। বিহাৰত কোভিড টিকাকৰণৰ ক্ষেত্ৰত এইটো প্ৰথমবাৰৰ বাবে এনে ধৰণৰ পদক্ষেপ লোৱা হৈছে। শিৱহাৰৰ চেম্বাৰ অফ কমাৰ্চৰ সভাপতিয়ে ভেকচিন গ্ৰহণ কৰা ভোলা প্ৰসাদক ১ গ্ৰাম সোণৰ মুদ্ৰা প্ৰদান কৰাৰ লগতে জিতু মাঝি নামৰ এজন লোকক গৌৰৱ সাগৰ ভাৰত গেছ সংস্থাই সম্পূৰ্ণ সা-সামগ্ৰীৰ লগতে গেছ সংযোগ যোগান ধৰিছিল।

ভেকচিন গ্ৰহণ কৰা আন এগৰাকী মহিলা সুমৰিয়া দেৱীক প্ৰিন্স গ্ৰাম্য বিতৰকৰ বাচাহিয়া শ্বেখে গেছ সংযোগ ষ্টোভৰ চিলিণ্ডাৰ কিট প্ৰদান কৰিছিল। কিৰণ দেৱীক চাভেৰা স্বেচ্ছাসেৱী সংগঠনে এটা চুটকেচ প্ৰদান কৰিছিল। জয়লিচিয়া দেৱীক ৱাটাৰ ফৰ পিপলৰ দ্বাৰা পানীৰ ফিল্টাৰ দিয়া হৈছিল আৰু নাজমা খাতুনক ফাৰ্মাচিষ্ট এছ'চিয়েচন শিৱহাৰ জিলাৰ তৰফৰ পৰা ষ্টেণ্ড ফেন প্ৰদান কৰা হৈছিল। জিলা উপায়ুক্ত সজ্জন ৰাজ শেখৰে উল্লেখ কৰে যে, শিৱহাৰ জিলাত ৪৫ বছৰৰ অধিক বয়সৰ লোকৰ ক্ষেত্ৰত টিকাকৰণৰ সম্পূৰ্ণ কৰাটোৱেই আমাৰ লক্ষ্য। পৰৱৰ্তী ৮ সপ্তাহলৈকে প্ৰতি শনিবাৰে চলিব এই উপহাৰ ।

আজিৰ পৰা শুকুৰবাৰলৈকে টিকাকৰণ কৰা ৪৫ বছৰীয়া লোকসকলৰ ভিতৰত ডাটাবেছৰ ওপৰত আধাৰিত কৰি লটাৰী কৰা হ'ব আৰু নিৰ্বাচিত ব্যক্তিসকলক অহা শনিবাৰে পুনৰ উপহাৰ দিয়া হ'ব। জিলা প্ৰশাসনে উল্লেখ কৰিছে যে, মাৰ্চৰ পৰা ভেকচিন গ্ৰহণ কৰা সকলো ৪৫ বছৰীয়া লোকক তেওঁলোকৰ ডাটাবেছৰ ওপৰত আধাৰিত কৰি খণ্ড-খণ্ডকৈ বাছনি কৰা হৈছিল। জিলা প্ৰশাসনে জিলাখনৰ সকলো লোককে টিকাকৰণ কৰিবলৈ আহ্বান জনাইছে যদি তেওঁলোকৰ বয়স ৪৫ বছৰৰ অধিক, ইয়াৰ জৰিয়তে লটাৰীৰ মাধ্যমেৰে নিৰ্বাচিত হোৱা ব্যক্তিসকলে লাভ কৰিব পাৰিব আকৰ্ষণীয় পুৰস্কাৰ।
Published by: Kokil Sarma
First published: June 7, 2021, 10:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি