অসমৰ ‘কা’ আন্দোলনৰ ছহীদক কুকুৰৰ সৈতে তুলনা কৰা দিলীপ ঘোষ পুনৰ বংগৰ বিজেপি সভাপতি

News18 Assam | News18-Assam
Updated:January 16, 2020, 6:58 PM IST
অসমৰ ‘কা’ আন্দোলনৰ ছহীদক কুকুৰৰ সৈতে তুলনা কৰা দিলীপ ঘোষ পুনৰ বংগৰ বিজেপি সভাপতি
দিলীপ ঘোষৰ ফাইল ফটো।

দিলীপ ঘোষক পুৰষ্কাৰ বিজেপিৰ!

  • Share this:
সংবেদনশীলতা শূণ্য আৰু উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে বিতৰ্কিত একাংশ বিজেপি নেতা। তেনে এজন বিতৰ্কিত বিজেপি নেতাক শাস্তিৰ সলনি দলে আকৌ দিছে গুৰুত্বপূৰ্ণ বাব। অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত আমাৰ চৰকাৰে এই মানুহবিলাকক (কা’ৰ ছহীদ) কুকুৰৰ দৰে গুলীয়াই মৰা বুলি ৰাজহুৱা সভাত দম্ভালি মৰা দিলীপ ঘোষক আকৌ এবাৰ পশ্চিম বংগৰ বিজেপি সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ঘোষে ১২ জানুৱাৰিত এখন ৰাজহুৱা সভাত অসমৰ CAA- আন্দোলনত প্ৰাণ হেৰুওৱা দীপাঞ্জল দাস, ছেম ষ্টেফাৰ্ড সহ পাঁচ প্ৰতিবাদকাৰীক কুকুৰৰ সৈতে ৰিজাই তুলনা কৰিছিল। কা’ বিৰোধী আন্দোলনৰ গুৰি ধৰোতা সদৌ অসম ছাত্ৰ সন্থা তথা অন্যান্য দল সংগঠনে ছহীদ আখ্যা দিয়া কম বয়সীয়া যুৱককেইজনক এনেকৈ অপমান কৰাক লৈ ছচিয়েল মিডিয়াত যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল।

মমতা বেনাৰ্জীক সমালোচনা কৰিবলৈ গৈ CAA-বিৰোধী প্ৰতিবাদত ‘ৰাজহুৱা সম্পত্তি নষ্ট কৰা’সকলৰ ওপৰত ভোটৰ স্বাৰ্থত মমতাৰ চৰকাৰে একো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ কৰি প্ৰসংগত তেওঁ কৈছিল–“অসম, উত্তৰ প্ৰদেশ আৰু কৰ্ণাটকত থকা আমাৰ চৰকাৰে এই মানুহবিলাকক কুকুৰৰ দৰে গুলীয়াই মাৰিছে।”

দ্বিতীয় বাৰৰ বাবে পুনৰ তিনি বছৰৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচিত হোৱা ঘোষ ২০১৫ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছিল।

২০১৮ চনত তেওঁৰ কাৰ্য্যকাল অন্ত পৰিছিল যদিও লোকসভা নিৰ্বাচনৰ কাৰণে নতুন সভাপতি নিৰ্বাচন কৰা নাছিল দলটোৱে। দিলীপ ঘোষৰ নেতৃত্বত পশ্চিম বংগত বিজেপিয়ে অভূতপূৰ্ব সফলতা লাভ কৰি ১৮খনকৈ আসন লাভ কৰিছিল। ৰাজ্যখনত লোকসভাৰ ৪২খন আসন আছে।

“আমি এতিয়া ২০২১ চনৰ বিধানসভাৰ জিকিবলৈ যুঁজিম”, পুনৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত ঘোষৰ আত্মবিশ্বাস।
Published by: Tulika Devi
First published: January 16, 2020, 6:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading