বিতৰ্কিত পৰিবেশ প্রভাৱ মূল্যাংকন জাননী ২০২০ (Environment Impact Assessment Notification 2020)ক লৈ ৰাইজে মতামত প্ৰদান কৰাৰ অন্তিম দিন চমু চাপি অহাৰ লগে-লগে ইয়াৰ বিৰুদ্ধে একাংশই তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ অসমৰ ছাত্ৰ সমাজে এক ডিজিটেল আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে । সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ উদ্যোগত অসমৰ ১৪খন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু ৫টা ছাত্ৰ সংগঠনে টুইটাৰ স্তৰ্মৰ (Twitter Storm) কাৰ্যসূচী হাতত লয় ।
সদৌ অসমীয়া ছাত্ৰ সংস্থা, নতুন দিল্লীৰ সাধাৰণ সম্পাদক মৃগেন জ্যোতি কাশ্যপে আজি News18ক জনোৱা মতে আগষ্টৰ ৩ তাৰিখে সন্ধিয়া হোৱা এই ডিজিটেল কাৰ্যসূচীত Micro-blogging site টুইটাৰত তিনিটা অভিযান আৰম্ভ কৰা হৈছিল ; তাৰে এটা আছিল #WithdrawDraftEIA2020 আৰু আন দুটা আছিল #AssamAgainstEIA তথা #NEAgainstEIA । ইয়াৰে এটা hashtag অভিযানে দ্বিতীয় স্থানত ট্ৰেণ্ডিং কৰা বুলি জানিবলৈ দিছে কাশ্যপে।
উল্লেখযোগ্য যে পৰিবেশ (সংৰক্ষণ) আইন ১৯৮৬ চনৰ অধীনত এই জাননী খন ৰাইজৰ মতামতৰ কাৰণে জাৰী কৰা হৈছিল । জাননীৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিব বিচৰা নিয়ম সমূহৰ তীব্ৰ বিৰোধিতা পৰিলক্ষিত হৈছে অসমত । এই নতুন নিয়ম অনুসৰি যিকোনো প্ৰকল্পকে চৰকাৰে ‘Strategic’ ঘোষণা কৰি ৰাজহুৱা শুনানি অনুষ্ঠিত নকৰাকৈ কাম আৰম্ভ কৰিব পাৰিব । সীমান্ত অঞ্চলৰ যিকোনো প্ৰকল্পকে ‘strategic’ প্ৰকল্প বুলি গণ্য কৰা হ’ব । নতুন নিয়ম অনুসৰি Line of Actual Controlৰ ১০০ কিলোমিটাৰ ভিতৰলৈ সীমান্ত অঞ্চল বুলি গণ্য কৰা হ’ব ।
জাননীৰ সন্দৰ্ভত ৰাইজৰ মতামত লোৱাৰ অন্তিম তাৰিখ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ১১ আগষ্ট ধায্য কৰা হৈছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|