চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ'ল আৰু ডিজেলৰ নতুন হাৰ মুকলি কৰিছে । প্ৰতিদিনে নিৰন্তৰভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ অহাৰ বাবে এতিয়া দেশৰ সকলো চহৰতে ইন্ধনৰ মূল্যই সৰ্বকালৰ অভিলেখ গঢ়িছে ।
চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ'ল আৰু ডিজেলৰ নতুন হাৰ মুকলি কৰিছে । প্ৰতিদিনে নিৰন্তৰভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ অহাৰ বাবে এতিয়া দেশৰ সকলো চহৰতে ইন্ধনৰ মূল্যই সৰ্বকালৰ অভিলেখ গঢ়িছে ।
Diesel, Petrol Price Today : চৰকাৰী তেল কোম্পানীসমূহে পেট্ৰ'ল-ডিজেলৰ নতুন হাৰ মুকলি কৰিছে। চলিত সপ্তাহৰ শেষৰ দিনটোত অৰ্থাত্ আজি দিনটোত পেট্ৰ'লিয়াম কোম্পানীবোৰে ইন্ধনৰ মূল্য কোনোধৰণ সাল-সলনি কৰা নাই । যদিও প্ৰতিদিনে নিৰন্তৰভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ অহাৰ বাবে এতিয়া দেশৰ সকলো চহৰতে ইন্ধনৰ মূল্যই সৰ্বকালৰ অভিলেখ গঢ়িছে ।
ইপিনে নিৰ্বাচনৰ পিছৰে পৰাই দেশত পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে । মাত্ৰ ১২ দিনতে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ২.৬৯ টকা বৃদ্ধি পোৱাৰ লগতে ডিজেলৰ মূল্যও বিগত ১২টা দিনত ৩.০৭ টকা বৃদ্ধি পাইছে।
২২ মে' অৰ্থাত্ আজিৰ দিনটোত দেশৰ ভিন্ন চহৰত পেট্ৰ'ল-ডিজেলৰ মূল্য এনেধৰণৰ -
-- দিল্লীত পেট্ৰ'লৰ মূল্যত ১৯ পইচা বৃদ্ধি হৈ ৯৩.০৪ টকা আৰু ডিজেলত ২৯ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত চলি আছে ৮৩.৮০ টকা
-- মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৯.৩২ টকা আৰু ডিজেলৰ মূল্য ৯১.০১ টকা
-- চেন্নাইত প্ৰতি লিটাৰ পেট্ৰ'লত ৯৪.৭১ টকা আৰু ডিজেলত ৮৮.৬২ টকা
-- কলকাতাত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৯৩.১১ টকা আৰু ডিজেলৰ মূল্য ৮৬.৬৪ টকা
-- ভূপালত পেট্ৰ'ল ১০১.১১ টকা আৰু ডিজেল ৯২.২১ টকা
-- লক্ষ্ণৌত প্ৰতি লিটাৰ পেট্ৰ'লত ৯০.৭২ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৪.১৮ টকা
-- বাংগালুৰুত পেট্ৰ'ল প্ৰতি লিটাৰত ৯৬.১৪ টকা আৰু ডিজেল ৮৮.৮৪ টকা
-- পাটনাত পেট্ৰ'ল ৯৫.২৩ টকা আৰু ডিজেল ৮৯.০৫ টকা
-- ৰাঁচীত পেট্ৰ'ল প্ৰতি লিটাৰত ৮৯.৯৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৮.৫০ টকা
-- জয়পুৰত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৯৯.৫০ টকাত আৰু ডিজেলৰ মূল্য ৯২.৪৯ টকা
প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় মূল্য -
পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতিদিনে পুৱা ৬ বজাত পৰিৱৰ্তন হয়। নতুন মূল্যবোৰ পুৱা ৬ বজাৰ পৰাই কাৰ্যকৰী হয়। পেট্ৰ'ল আৰু ডিজেলৰ মূল্যত আবকাৰী শুল্ক, ডিলাৰ কমিছন আৰু অন্যান্য সামগ্ৰী যোগ দিয়াৰ পিছত ইয়াৰ মূল্য প্ৰায় দুগুণ হৈ পৰে । বৈদেশিক মুদ্ৰাৰ হাৰৰ সৈতে আন্তৰ্জাতিক বজাৰত অশোধিত তেলৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই দৈনিক পেট্ৰ'ল আৰু ডিজেলৰ মূল্য সলনি হয়।
এনেদৰে পৰীক্ষা কৰক আপোনাৰ চহৰৰ মূল্য -
দেশৰ তিনিটাকৈ তেল বিপণন কোম্পানী HPCL, BPCL আৰু IOC য়ে পুৱা ৬ বজাৰ পিছতেই নতুন পেট্ৰ'ল ডিজেলৰ মূল্য জাৰী কৰে । নতুন মূল্যৰ বাবে ৱেবছাইটলৈ গৈ তথ্য লাভ কৰিব পাৰিব । একে সময়তে, আপুনি SMSৰ জৰিয়তেও মূল্য পৰীক্ষা কৰিব পাৰে। আপুনি92249 92249 লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল-ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে।
আপুনি RSP<Space> পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব। যদি আপুনি দিল্লীত আছে আৰু বাৰ্তাৰ জৰিয়তে পেট্ৰ'ল ডিজেলৰ মূল্য জানিব বিচাৰে, আপুনি RSP102072 লিখিব লাগিব আৰু ইয়াক 92249 92249 লৈ প্ৰেৰণ কৰিব লাগিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|