• Home
  • »
  • News
  • »
  • nation
  • »
  • আপুনি জানেনে ৰাজু শ্ৰীবাস্তৱৰ আচল নাম কি আছিল? তেখেতৰ বিষয়ে কিছুমান তথ্য জানো আহক

আপুনি জানেনে ৰাজু শ্ৰীবাস্তৱৰ আচল নাম কি আছিল? তেখেতৰ বিষয়ে কিছুমান তথ্য জানো আহক

ৰাজুৱে আব্বাছ মস্তানৰ ‘বাজিগৰ’ আৰু সূৰজ বৰজাতিয়াৰ ‘মেইনে পেয়াৰ কিয়া’ আৰু ‘মে প্ৰেম কি দিৱানী হুঁ’ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল।

ৰাজুৱে আব্বাছ মস্তানৰ ‘বাজিগৰ’ আৰু সূৰজ বৰজাতিয়াৰ ‘মেইনে পেয়াৰ কিয়া’ আৰু ‘মে প্ৰেম কি দিৱানী হুঁ’ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল।

ৰাজুৱে আব্বাছ মস্তানৰ ‘বাজিগৰ’ আৰু সূৰজ বৰজাতিয়াৰ ‘মেইনে পেয়াৰ কিয়া’ আৰু ‘মে প্ৰেম কি দিৱানী হুঁ’ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল।

  • Share this:
ভাৰতৰ প্ৰখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ আজি মৃত্যু হয়। বিগত ২৮ আগষ্টৰ পৰা দিল্লীস্থিত এইমছৰ ICUত ভৰ্তি হৈ আছিল জনপ্ৰিয় কমেডিয়ানজন। উল্লেখ্য যে, জিমত ব্যায়াম কৰি থকা অৱস্থাত তেখেতৰ বুকুৰ বিষ আৰম্ভ হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল। প্ৰায় ২৪ দিনযোৰা যুদ্ধৰ অন্তত তেখেতে নিয়তিৰ ওচৰত হাৰ মানি আজি ৰাতিপুৱা ১০ বাজি ২০ মিনিটত পত্নী আৰু সন্তানক অকলশৰীকৈ এৰি এই পৃথিৱীৰ পৰা চিৰ বিদায় লৈ চিৰদিনৰ বাবে আতঁৰি যায়। তেখেতৰ অনুৰাগীয়ে তেওঁৰ আৰোগ্যতাৰ বাবে প্ৰাৰ্থনা কৰিছিল। তেখেতৰ অসুস্থতাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা আৰম্ভ কৰি বলিউডৰ বহু বিখ্যাত তাৰকাই খবৰ লৈছিল।

ৰাজু শ্ৰীবাস্তৱৰ বিষয়ে নজনা কথাবোৰ জানক–

  • ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম সত্য প্ৰকাশ শ্ৰীবাস্তৱ আছিল আৰু তেওঁৰ জন্ম ১৯৬৩ চনৰ ২৫ ডিচেম্বৰত কানপুৰৰ এটা মধ্যবিত্ত পৰিয়ালত হৈছিল।

  • ৰাজুৰ দেউতাক ৰমেশ চন্দ্ৰ শ্ৰীবাস্তৱ এজন কবি আছিল আৰু তেওঁক বালাই কাকা বুলি খ্যাত।

  • সৰুৰে পৰা এজন ভাল অনুকৰণকাৰী আছিল ৰাজু, সেয়েহে তেওঁ খুব কম বয়সতে কৌতুক অভিনেতা হোৱাৰ সিদ্ধান্ত লৈছিল।

  • তেওঁ কৌতুকৰ বাহিৰেও অভিনয়তো আগ্ৰহ লৈছিল আৰু কেইবাখনো ছবিত নিজৰ প্ৰতিভা দেখুৱাইছিল।

  • ৰাজুৱে অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত অভিনীত তেজাব চলচ্চিত্ৰৰ যোগেদি বলীউডৰ ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।

  • এসময়ত কমিক টাইমিং আৰু অভিনয় দক্ষতাৰ বাবে ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা কৌতুক অভিনেতা আছিল।

  • ৰাজুৱে শেখৰ সুমনৰ কমেডি ধাৰাবাহিক ‘দেখ ভাই দেখ’ (১৯৯৪)ত এটা কেমিঅ' ভূমিকা কৰিছিল।

  • ৰাজুৱে মুকেশ খান্নাৰ চুপাৰহিৰো শৃংখলা শক্তিমানতো অভিনয় কৰিছিল।

  • ৰাজুৱে আব্বাছ মস্তানৰ ‘বাজিগৰ’ আৰু সুৰজ বৰজাতিয়াৰ ‘মেইনে পেয়াৰ কিয়া’ আৰু ‘মে প্ৰেম কি দিৱানী হুঁ’ৰ দৰে জনপ্ৰিয় চলচ্চিত্ৰতো অভিনয় কৰিছিল।

  • ৰাজু শ্ৰীবাস্তৱে ২০১৩ চনত নৃত্য ৰিয়েলিটি শ্ব' নাচ বলিয়ে চিজন ৬ত পত্নীৰ সৈতে অংশগ্ৰহণ কৰিছিল।

Published by:Sehnaz Begum
First published: