গুৱাহাটীলৈ সঁচাকৈ আহিছিল নে কি মণিপুৰৰ Covid-19 পজিটিভ ছাত্ৰীগৰাকী? প্ৰকৃত তথ্য কি?

News18 Assam | News18-Assam
Updated:March 24, 2020, 1:46 PM IST
গুৱাহাটীলৈ সঁচাকৈ আহিছিল নে কি মণিপুৰৰ Covid-19 পজিটিভ ছাত্ৰীগৰাকী? প্ৰকৃত তথ্য কি?
Source-Google

আমাৰ হাতত আছে তথ্য।

  • Share this:
মণিপুৰত ওলাইছে উত্তৰ পূৱৰ প্ৰথমগৰাকী কোৰোণা ভাইৰাছ (কভিড–১৯) পজিটিভ ছাত্ৰী। ইংলেণ্ডৰ পৰা যোৱা ১৯মাৰ্চত উভতি অহা যুৱতীগৰাকীক ইম্ফলত স্বাস্থ্য পৰীক্ষা কৰাওতে ধৰা পৰে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কথা। ইতিমধ্যে সম্পূৰ্ণ নিশ্চিত হ’বলৈ যুৱতীগৰাকীৰ নমুনা পুণেৰ এনআইভিলৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ মাজতে চৰ্চিত হৈছে যুৱতীগৰাকী গুৱাহাটীলৈও আহিছিল নে কি? একাংশৰ মতে দেশত উপস্থিত হোৱাৰ পিছত কলকাতাৰ পৰা গুৱাহাটী হৈহে ইম্ফললৈ গৈছিল যুৱতীগৰাকী। পিছে আমাৰ হাতত পৰা তথ্য অনুসৰি কোৰোণা সংক্ৰমিত ১৯বছৰীয়া যুৱতীগৰাকী গুৱাহাটী বিমান বন্দৰলৈ অহা নাছিল। তেওঁৰ ট্ৰেভেল হিষ্ট্ৰী অনুসৰি ব্ৰিষ্টল ইউনিভাৰ্ছিটীৰ ছাত্ৰীগৰাকী ১৯মাৰ্চত দিল্লী আৰু কলকাতাত উপস্থিত হয়। তাৰ পৰা তেওঁ পোনে পোনে ইম্ফললৈ যায়। 

ছাত্ৰীগৰাকীৰ ১৪বছৰীয়া কণিষ্ঠ ভাতৃও কাটাৰ হৈ আটলাণ্টাৰ পৰা কলকাতাত উপস্থিত হয়।তেওঁলোকে একেলগে কলকাতাৰ এখন হোটেলত নিশাটো কটায় আৰু ইম্ফললৈ উভতি আহে।

ছাত্ৰীগৰাকীৰ পিতৃ–মাতৃ অধ্যাপক। কোভিড–১৯ত ছাত্ৰীগৰাকী আক্ৰান্ত হোৱাৰ প্ৰথম টেষ্টত প্ৰমাণিত হোৱাৰ পিছতে ছাত্ৰীগৰাকীক জেএনআইএমএছত আইছ’লেশ্যনত ৰখা হৈছে আৰু তেওঁৰ ভাতৃ ঘৰতে চেল্ফ কোৱাৰানটাইনত  আছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি