• Home
  • »
  • News
  • »
  • nation
  • »
  • কিয় চাহিল সংঘাৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল দিয়া মিৰ্জাৰ? নিজ মুখে অভিনেত্ৰীগৰাকীয়ে কৰিলে ৰাজহুৱা

কিয় চাহিল সংঘাৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল দিয়া মিৰ্জাৰ? নিজ মুখে অভিনেত্ৰীগৰাকীয়ে কৰিলে ৰাজহুৱা

কিছুদিন ধৰি অভিনেত্ৰীগৰাকী নিজৰ দ্বিতীয় বিবাহ আৰু গৰ্ভধাৰণ কৰাৰ খবৰৰ বাবে চৰ্চাত আছে।

কিছুদিন ধৰি অভিনেত্ৰীগৰাকী নিজৰ দ্বিতীয় বিবাহ আৰু গৰ্ভধাৰণ কৰাৰ খবৰৰ বাবে চৰ্চাত আছে।

কিছুদিন ধৰি অভিনেত্ৰীগৰাকী নিজৰ দ্বিতীয় বিবাহ আৰু গৰ্ভধাৰণ কৰাৰ খবৰৰ বাবে চৰ্চাত আছে।

  • Share this:
যোৱা ফেব্ৰুৱাৰী মাহত মুম্বাইৰ ব্যৱসায়ী বৈভৱ ৰেখিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জা। কিন্তু বিবাহৰ ঠিক এমাহৰ পিছতে দিয়া মিৰ্জা মাক হ'বলৈ ওলোৱা খবৰে আচৰিত কৰিছে সকলোকে। অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই কথা নিজৰ ছচিয়েল মিডিয়া ছাইটৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

কিছুদিন ধৰি অভিনেত্ৰীগৰাকী নিজৰ দ্বিতীয় বিবাহ আৰু গৰ্ভধাৰণ কৰাৰ খবৰৰ বাবে চৰ্চাত আছে। ইয়াৰ পূৰ্বে প্ৰথম স্বামী চাহিল সংঘাৰ সৈতে কিয় বিবাহ বিচেছেদ হৈছিল, সেইলৈও চৰ্চা চলা দেখা গৈছিল। পিছে কিয় চাহিলৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল দিয়া মিৰ্জাৰ?

২০১৪ চনত প্ৰযোজনা কোম্পানী বৰ্ণ ফ্ৰী এণ্টাৰটেইনমেণ্টৰ সহ-স্বত্বাধিকাৰী চাহিল সংঘাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল দিয়া মিৰ্জা। কিন্তু  ২০১৯ চনত দুয়োজনৰে বিবাহ বিচ্ছেদ হয়। বহু সময়ত লেখিকা কনিকা ধিলোনকেই চাহিল আৰু দিয়াৰ বিবাহ বিচ্ছেদৰ অন্যতম কাৰণ বুলি গণ্য় কৰা হৈছিল। কনিকা ধিলোনৰ সৈতে চাহিলৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলতে দিয়া মিৰ্জাই এই সিদ্ধান্ত লৈছিল বুলি সৰব চৰ্চা হৈছিল।

শেহতীয়াকৈ দুয়োজনে বিষয়টোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চাহিলে ইনষ্টাগ্ৰামত লিখিছে যে, ' আমাৰ সন্মানীয় সহকৰ্মীৰ সৈতে ওলোৱা কথা বোৰৰ একেবাৰেই মিছা। আমি আশা কৰো, কাৰোবাৰ ব্যক্তিগত জীৱনৰ বিষয়ে কল্পনা কৰাৰ আগত আপুনি শালীনতা আৰু সংযম ৰাখিব। এইটো এটা মিছা।" তেওঁ কৈছিল।

দিয়া মিৰ্জাই লিখিছিল: "মই আৰু চাহিল পৃথক হোৱাৰ কাৰণ অতি স্পষ্ট। মই সকলো মিডিয়াৰ জল্পনা-কল্পনা সমাপ্ত কৰো। আটাইতকৈ দুখজনক যে, আমাৰ সহকৰ্মীৰ নাম ইয়াৰ মাজলৈ টানি অনা হৈছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি