KKRৰ হাতত পৰাজিত CSK, মহেন্দ্ৰ সিং ধোনীৰ কন্যা জিভা ধোনীক বলাৎকাৰৰ ভাবুকি!

News18 Assam | News18-Assam
Updated:October 9, 2020, 7:22 PM IST
KKRৰ হাতত পৰাজিত CSK, মহেন্দ্ৰ সিং ধোনীৰ কন্যা জিভা ধোনীক বলাৎকাৰৰ ভাবুকি!
নিজৰ পছন্দৰ দলটো খেলত পৰাজিত হ’লেই একাংশ অনুৰাগীয়ে খেলুৱৈৰ লগতে তেওঁৰ পত্নী, প্ৰেমিকাক লৈ অশোভনীয় ট্ৰ’ল কৰাটো যেন এতিয়া সাধাৰণ কথা হৈ পৰিছে। কিন্তু এইবাৰ বাদ নপৰিল খেলুৱৈৰ সন্তানো।

নিজৰ পছন্দৰ দলটো খেলত পৰাজিত হ’লেই একাংশ অনুৰাগীয়ে খেলুৱৈৰ লগতে তেওঁৰ পত্নী, প্ৰেমিকাক লৈ অশোভনীয় ট্ৰ’ল কৰাটো যেন এতিয়া সাধাৰণ কথা হৈ পৰিছে। কিন্তু এইবাৰ বাদ নপৰিল খেলুৱৈৰ সন্তানো।

  • Share this:
জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ কণমানি কন্যাক বলাৎকাৰৰ ভাবুকি বিকৃত মানসিকতাৰ তথাকথিত অনুৰাগীৰ। বুধবাৰে আইপিএলৰ এখন মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হৈছিল চেন্নাই ছুপাৰ কিংছ। আৰু তাৰ পিছতে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ গৈ ধোনীৰ কন্যাক দিলে বলাৎকাৰৰ ভাবুকি।

খেলখনত পৰাজিত হোৱাৰ পিছতে ছচিয়েল মিডিয়াত ট্ৰ’লাৰৰ টাৰ্গেট হৈ পৰে মহেন্দ্ৰ সিং ধোনী আৰু কেদাৰ যাদৱ। কলকাতা নাইট ৰাইডাৰ্ছে বান্ধি দিয়া ১৬৮ ৰানৰ লক্ষ্য অতিক্ৰম কৰিব নোৱাৰি পৰাজিত হৈছিল চেন্নাই ছুপাৰ কিংছ।

নিজৰ পছন্দৰ দলটো খেলত পৰাজিত হ’লেই একাংশ অনুৰাগীয়ে খেলুৱৈৰ লগতে তেওঁৰ পত্নী, প্ৰেমিকাক লৈ অশোভনীয় ট্ৰ’ল কৰাটো যেন এতিয়া সাধাৰণ কথা হৈ পৰিছে। কিন্তু এইবাৰ বাদ নপৰিল খেলুৱৈৰ সন্তানো।

আশ্চৰ্যজনক কথাটো হ’ল মহেন্দ্ৰ সিং ধোনীক ট্ৰ’ল কৰাতেই ক্ষান্ত নাথাকিল একাংশ নিকৃষ্ট মানসিকতাৰ লোক। ভাবুকি দিলে ধোনীৰ ৫ বছৰীয়া কন্যা সন্তানক লৈও। আৰু এই ভাবুকি সাধাৰণ ভাবুকি নহয়, বলাৎকাৰৰ ভাবুকি। বুধবাৰৰ খেলত পৰাজিত হোৱাৰ পিছত ধোনী আৰু পত্নী সাক্ষীৰ ইনষ্টাগ্ৰাম একাউণ্টত দিয়া হৈছে এই ভাবুকি।










এনেধৰণৰ ঘটনা এয়াই প্ৰথম নহয়, যেতিয়াই এগৰাকী ক্ৰিকেটাৰে দুৰ্বল খেল প্ৰদৰ্শন কৰে তেতিয়াই খেলুৱৈগৰাকীৰ পৰিয়ালে এনেধৰণৰ অনলাইন নিৰ্যাতন সহিবলগীয়া হয়।

শেহতীয়াকৈ, কোহলীৰ পত্নী অনুষ্কা শৰ্মাক কোহলীৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ছচিয়েল মিডিয়াত ব্যাপক ট্ৰ’ল কৰা হৈছিল। কেৱল ট্ৰ’লেই নহয়, কমেণ্টটৰ সুনীল গাভাস্কাৰে কটাক্ষ কৰি কৈছিল যে কোহলীৰ দুৰ্বল প্ৰদৰ্শন অনুশীলনৰ অভাৱত নহয়, লকডাউনৰ সময়ত কেৱল অনুষ্কা শৰ্মাৰ সৈতে অনুশীলনৰ বাবেহে হৈছে।
Published by: Sanjay Kumar Das
First published: October 9, 2020, 7:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading