• Home
  • »
  • News
  • »
  • nation
  • »
  • পাইলটৰ চেষ্টাতে ৰক্ষা পৰিল অভিশপ্ত বিমানৰ বহুতৰ প্ৰাণ, জনালে এনডিআৰএফ প্ৰধানে

পাইলটৰ চেষ্টাতে ৰক্ষা পৰিল অভিশপ্ত বিমানৰ বহুতৰ প্ৰাণ, জনালে এনডিআৰএফ প্ৰধানে

ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ আছিল কেপ্টেইন সাথে। এয়াৰ ইণ্ডিয়াত যোগদান কৰা পূৰ্বে তেওঁ আইএএফৰ এক্সপেৰিমেণ্টাল টেষ্ট পাইলট আছিল। 

ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ আছিল কেপ্টেইন সাথে। এয়াৰ ইণ্ডিয়াত যোগদান কৰা পূৰ্বে তেওঁ আইএএফৰ এক্সপেৰিমেণ্টাল টেষ্ট পাইলট আছিল। 

ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ আছিল কেপ্টেইন সাথে। এয়াৰ ইণ্ডিয়াত যোগদান কৰা পূৰ্বে তেওঁ আইএএফৰ এক্সপেৰিমেণ্টাল টেষ্ট পাইলট আছিল। 

  • Share this:
ভুল নহয় বৰং পাইলটৰ চেষ্টাতে কোঝিকোড়ৰ দুৰ্ঘটনাত অধিক লোকৰ প্ৰাণহানিৰ আশংকা শাম কাটিল। এই দাবী কৰিছে এনডিআৰএফৰ ডিজি এছ এন প্ৰধানে। তেওঁৰ মতে, দুৰ্ঘটনাৰ আগমুহূৰ্তত বিমানৰ গতি কমোৱাৰ একাধিক বাৰ চেষ্টা কৰিছিল পাইলট দীপক বসন্ত সাঠেই। শেষ পৰ্যন্ত দুৰ্ঘটনা এৰাব পৰা নগ’ল যদিও বিমানৰ গতি হ্ৰাস পোৱাৰ কাৰণে বেছি ক্ষয়–ক্ষতিৰ আশংকা হ্ৰাস হ’ল। দুৰ্ভাগ্যৱশতঃ এই দুর্ঘটনাত অন্যান্যসকলৰ লগতে পাইলট আৰু কো পাইলট দুয়োজনৰে মৃত্যু হৈছে।

এনডিআৰএফৰ ডিজিয়ে কয়, ‘ধৰিব পৰা মতে বিমানৰ গতি কমোৱাৰ একাধিক চেষ্টা কৰিছিল পাইলটে যাৰ কাৰণে বহুতৰে প্ৰাণ ৰক্ষা পৰিল।' ইয়াৰ লগতে এনডিআৰএফৰ ডিজিয়ে জনায়, ‘বিমান দুর্ঘটনাৰ খবৰ পোৱা মাত্ৰকে এনডিআৰএফৰ দলৰ সদস্য মাল্লাপুৰমৰ পৰা গৈ উদ্ধাৰ কাৰ্যত জৰিত হৈ পৰে। তাৰ পৰা মানুহ, যন্ত্ৰপাতি কোঝিকোড়লৈ আনি উদ্ধাৰ কাৰ্য চলোৱা কঠিন আছিল।  'আমাৰ ভাগ্য ভাল যে, বিমানখন জুইয়ে আগুৰি নধৰিলে। উদ্ধাৰকাৰ্যৰ শেষ পৰ্যায়তো আমি সংজ্ঞাহীন অৱস্থাত দুজন যাত্ৰীক উদ্ধাৰ কৰিছো।'

শুকুৰবাৰে নিশা কোঝিকোড়ৰ কাৰুইপুৰ বিমানবন্দৰত অৱতৰণৰ সময়ত ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানখন ৰানৱেৰ পৰা পিচলি খাৱৈত পৰি দুটুকুৰা হৈ পৰে। এই ভয়ানক বিমান দুৰ্ঘটনাত এইপৰ্যন্ত কমেও ১৯জন লোকৰ মৃত্যু হৈছে।

দুর্ঘটনাত মৃত্যু হোৱা দীপক বসন্ত সাঠে ভাৰতীয় বায়ুসেনাৰ প্রাক্তন কামাণ্ডাৰ আছিল। বিমান চলোৱাৰ অভিজ্ঞতা আছিল যথেষ্ট৷ ভাৰতীয় বায়ুসেনাৰ প্রাক্তন এই উইং কামাণ্ডাৰে ‘চ’র্ড অফ অনাৰ’ পুৰষ্কাৰো লাভ কৰিছিল। এয়াৰ ফ’ৰ্চ একাডেমীৰ পৰা পাছ কৰাৰ সময়তে এই এৱাৰ্ড জয় কৰিছিল তেওঁ। 

কেপ্তেইন সাঠেই এয়াৰ ইণ্ডিয়াত যোগ দিয়াৰ পূৰ্বে আইএএফৰ এক্সপেৰিমেন্টাল টেষ্ট পাইলট আছিল৷ ১৯৯১ বৰ্ষৰএপ্রিল মাহত ভাৰতীয় বায়ুসেনাত যোগ দিছিল সাঠেই৷ ২০০৩ বৰ্ষ পর্যন্ত এক্সপেৰিমেন্টাল টেষ্ট পাইলট হিচাপে কাম কৰিছিল৷ তাৰপিছৰ পৰা মুম্বাইৰ বাসিন্দা কেপ্তেইন দীপক সাঠেই এয়াৰ ইণ্ডিয়াৰ যাত্রীবাহী বিমানৰ পাইলট হিচাপে কাম কৰি আছিল৷ শনিবাৰেও এয়াৰ ইণ্ডিয়া এক্সপ্রেছৰ যি বোয়িং-৭৩৭ বিমান লৈ তেওঁ কালিকটলৈ উভতিছিল সেই বিমান চলোৱাৰো যথেষ্ট অভিজ্ঞতা আছিল তেওঁৰ। তাৰ লগতে এয়াৰবাছ ৩১০-ও উৰাইছিল তেওঁ।
First published: