নিজৰ জন্মদিনটোত কোনো প্ৰখ্যাত লোকৰ পৰা শুভেচ্ছা পোৱাৰ আকাংক্ষা পূৰ কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিনটোৰ ব্যস্ততাৰ মাজতে মোদীয়ে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি মনোকামনা পূৰ কৰিছে এগৰাকী টুইটাৰ ইউজাৰৰ।
ডেষ্ট্ৰ' নামৰ এগৰাকী টুইটাৰ ইউজাৰৰ খুব ইচ্ছা আছিল নিজৰ জন্মদিনৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা শুভেচ্ছাপ্ৰাপ্তিৰ। এই কথা ডেষ্ট্ৰ'ৱে নিজৰ অজিত নামৰ টুইটাৰ বন্ধু এগৰাকীয়ে তেওঁক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ সময়ত কৈছিল এনেদৰে– 'ধন্যবাদ অজিত, কিন্তু ডেষ্ট্ৰ'দিৱসৰ দিনা পি এম মোদীক কওক যে মোক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰক।'
Thankyou ajit. Dextrodiwas par please ask pm to wish me as you follows you both ?
— Dextro (@Dextrocardiac1) July 6, 2021
২ বাজি ১১ মিনিটত কৰা এই টুইটৰ পিছত ডেষ্ট্ৰ'ক আচৰিত কৰি মোদীয়ে ৪ বাজি ২৯ মিনিটত ইউজাৰগৰাকীক টুইটত জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লিখে– 'জন্মদিনৰ শুভেচ্ছা অথবা আপুনি বৰ্ণনা কৰাৰ দৰে ডেষ্ট্ৰ'দিৱস... অনাগত এটা ভাল বৰ্ষ কামনাৰে...'
Happy Birthday...or as you are describing it - Dextrodiwas... :)
Have a great year ahead. https://t.co/X0Z5DrdMQ1
— Narendra Modi (@narendramodi) July 6, 2021
পি এম মোদীৰ টুইট লাভ কৰি ডেষ্ট্ৰ' আনন্দত ৰ'ব নোৱৰা হয়। তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নিজকে সৌভাগ্যৱান বুলি টুইট কৰে। ডেষ্ট্ৰ'ৰ মতে আজিৰ দিনটোত ডেষ্ট্ৰ', দালাই লামা আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী একেটা লীগত।
উল্লেখ্য, প্ৰধানমন্ত্ৰী মোদীয়ে আজি তিব্বতী ধৰ্মগুৰু দালাই লামাকো জন্মদিনৰ শুভেচ্ছা যাচে, আনহাতে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰো আজি আছিল জন্মদিন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|