কৰাচী এদিন ভাৰতৰ অংশ হ’ব! দাবী বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিশৰ

News18 Assam | News18-Assam
Updated:November 23, 2020, 6:11 PM IST
কৰাচী এদিন ভাৰতৰ অংশ হ’ব! দাবী বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিশৰ
কিছুদিন আগতে শিৱসেনাৰ এগৰাকী নেতাই মুম্বাইৰ বান্দ্ৰাৰ বিখ্যাত কৰাচী ছুইটছৰ নাম সলনি কৰাৰ বাবে দোকানত গৈ হুংকাৰ দিছিল।

কিছুদিন আগতে শিৱসেনাৰ এগৰাকী নেতাই মুম্বাইৰ বান্দ্ৰাৰ বিখ্যাত কৰাচী ছুইটছৰ নাম সলনি কৰাৰ বাবে দোকানত গৈ হুংকাৰ দিছিল।

  • Share this:
কৰাচী এদিন ভাৰতৰ অংশ হ’ব। এই দাবী কৰিলে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিশে। আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক সমৰ্থন জনাইছে এনচিপি নেতা নবাব মালিকেও। তেওঁ জনায়, বিজেপিয়ে যদি ভাৰত, পাকিস্তান আৰু বাংলাদেশক একত্ৰিত কৰাৰ উদ্যোগ লয় তেনেহ’লে স্বাগতম জনাব এনচিপিয়ে।

কিছুদিন আগতে শিৱসেনাৰ এগৰাকী নেতাই মুম্বাইৰ বান্দ্ৰাৰ বিখ্যাত কৰাচী ছুইটছৰ নাম সলনি কৰাৰ বাবে দোকানত গৈ হুংকাৰ দিছিল। সেই ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ কৰাচী এদিন ভাৰতৰ অংশ হ’ব বুলি কয় ফাড়নবিশে। তেওঁ কয়, ‘আমি অখণ্ড ভাৰতক বিশ্বাস কৰো। আমি এয়াও বিশ্বাস কৰো যে এদিন কৰাচী ভাৰতৰ অংশ হ’ব।’
Published by: Sanjay Kumar Das
First published: November 23, 2020, 6:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading