বিয়াৰ অনুষ্ঠানলৈ যোৱাৰ পথত ডাম্পাৰৰ খুন্দা, মৰ্মান্তিক দুৰ্ঘটনাত ১৪জনৰ মৃত্যু

ধূপগুৰিৰ লালস্কুল অঞ্চলত ট্ৰাকৰ সৈতে তিনিখন গাড়ীৰ সংঘৰ্ষত মৃত্যু হয় ১৪জন লোকৰ। মৃতসকলৰ ভিতৰত আছে চাৰিটা শিশু।
ধূপগুৰিৰ লালস্কুল অঞ্চলত ট্ৰাকৰ সৈতে তিনিখন গাড়ীৰ সংঘৰ্ষত মৃত্যু হয় ১৪জন লোকৰ। মৃতসকলৰ ভিতৰত আছে চাৰিটা শিশু।
- News18 Assam
- Last Updated: January 20, 2021, 11:44 AM IST
স্থানীয় সূত্ৰ অনুসৰি, জলপাইগুৰিলৈ যোৱাৰ সময়তে এখন শিলভৰ্তি ট্ৰাক নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ট্ৰাকখনৰ তলত পৰে যাত্ৰীবাহী মেজিক আৰু এখন মাৰুতি বাহন। দুয়োখন গাড়ীৰ যাত্ৰীসকলে বিয়াৰ অনুষ্ঠানলৈ গৈছিল।
এই দুৰ্ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হয় ৰাষ্ট্ৰীয় ঘাইপথছোৱা। উদ্ধাৰকাৰ্যত নামে অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু স্থানীয় ৰাইজ। কেইবাজনকো ডাম্পাৰৰ তলৰ পৰা উদ্ধাৰ কৰি ধূপগুৰি হাস্পতাল আৰু জলপাইগুৰি জিলা হাস্পতালত ভৰ্তি কৰোৱা হয়। আহত কেইবাজনেও হাস্পতালত মৃত্যুৰ সৈতে যুঁজি আছে।