মোবাইল চুৰিৰ অভিযোগত আটক কৰা যুৱকক আৰক্ষীৰ থাৰ্ড ডিগ্ৰী, ছচিয়েল মিডিয়াত ভাইৰেল VIDEO

News18 Assam | News18-Assam
Updated:January 10, 2020, 12:51 PM IST
মোবাইল চুৰিৰ অভিযোগত আটক কৰা যুৱকক আৰক্ষীৰ থাৰ্ড ডিগ্ৰী, ছচিয়েল মিডিয়াত ভাইৰেল VIDEO
এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তিনিওজন আৰক্ষীক নিলম্বন কৰা হয়। আৰক্ষী অধীক্ষকে তিনিওজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তিনিওজন আৰক্ষীক নিলম্বন কৰা হয়। আৰক্ষী অধীক্ষকে তিনিওজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

  • Share this:
থানাৰ ভিতৰত এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে আৰক্ষীয়ে। মোবাইল চুৰিৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল যুৱকজনক। থানালৈ আনি যুৱকজনৰ ওপৰত চলিল অকথ্য নিৰ্যাতন। ঘটনাটো উত্তৰ প্ৰদেশৰ দেৱৰীয়াৰ মদনপুৰৰ বুলি কোৱা হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’।

ভিডিঅ’টোত আৰক্ষীয়ে নিষ্ঠুৰতাৰ চৰম সীমা অতিক্ৰম কৰা দেখা গৈছে। অভিযুক্তক সোধা–পোছাৰ নামত তিনি আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে। অভিযুক্ত যুৱকজনে নামাৰিবলৈ বাৰে বাৰে অনুৰোধ কৰি থকা সত্ত্বেও এৰি দিয়া নাছিল আৰক্ষীয়ে। লাঠিৰে যুৱকজনক সোধোৱা হৈছিল প্ৰচণ্ড কোব।

এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তিনিওজন আৰক্ষীক নিলম্বন কৰা হয়। আৰক্ষী অধীক্ষকে তিনিওজনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।

চাওক ভিডিঅ’ :
उत्तर प्रदेश : देवरिया में पुलिस का वीडियो वायरल, चोरी के आरोपी को पुलिस ने पीटा, पिटाई के आरोपी पुलिसवाले सस्पेंड@jaspreet_k5 pic.twitter.com/Ttvud9iVJg

(News18–এ কোনোধৰণৰ ভাইৰেল ভিডিঅ’ৰ নিশ্চিতি প্ৰদান নকৰে।)


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি