দেওঘৰৰ ত্ৰিকুট পাহাৰত ৪৮ ঘণ্টীয়া উদ্ধাৰ অভিযান ইতিমধ্যে সমাপ্ত হৈছে। কিন্তু উদ্ধাৰ অভিযান আন এক শোকাৱহ ঘটনাৰে অন্ত পৰে। প্ৰায় ২,৫০০ ফুট উচ্চতাত দেওঘৰৰ ত্ৰিকুট পাহাৰত উদ্ধাৰ অভিযানৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়। উদ্ধাৰ অভিযানৰ সময়ত ৰছীৰ পৰা পৰি এগৰাকী মহিলা পৰ্যটকৰ মৃত্যু হয়। কেমেৰাৰ সন্মুখতে সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে (Woman Hanging On To Rope Falls)।
মহিলাগৰাকীক দেওঘৰ সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু তেওঁৰ মৃত্যু হয় বুলি ঘোষণা কৰে। এতিয়ালৈকে এই ঘটনাটোত চাৰিজন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত আছে তিনিগৰাকী মহিলা আৰু এজন যুৱক। মৃত মহিলাগৰাকী দেওঘৰৰ জোনচাগাৰহিৰ বাসিন্দা শোভা দেৱী বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য, সোমবাৰেও উদ্ধাৰ অভিযানৰ সময়ত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। বায়ু সেনাৰ হেলিকপ্টাৰে উদ্ধাৰ কৰাৰ সময়ত লোকজনক হেলিকপ্টাৰলৈ উঠোৱাৰ সময়ত গ্ৰিপ হেৰুৱাই মাটিত পৰি মৃত্যুমুখত পৰে (Deoghar Ropeway Accident)।
আজি ৰাতিপুৱা অঞ্চলটোত কুঁৱলীৰ বাবে উদ্ধাৰ অভিযান আৰম্ভ হোৱাত পলম হৈছিল। প্ৰায় ৪৮ ঘণ্টাৰ পিছত বায়ু সেনাই এজন ১০ বছৰীয়া ল'ৰাসহ কেইবাজনো আবদ্ধ পৰ্যটকক উদ্ধাৰ কৰে। উল্লেখ্য, দেওবাৰে ত্ৰিকুট পাহাৰত দেওঘৰৰ ৰোপৱে' দুৰ্ঘটনাৰ পিছত পৰ্যটকসকল ট্ৰলীত আবদ্ধ হৈছিল।
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দেওঘৰ ৰোপৱে' দুৰ্ঘটনাৰ বিষয়টো স্বতঃপ্ৰণোদিতভাৱে বিবেচনা কৰিছে আৰু বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছে। আদালতে ঘটনাৰ বিষয়ে ২৬ এপ্ৰিলত শুনানি ল'ব।
Published by: Gautam Barman
FIRST PUBLISHED : April 12, 2022, 16:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।