মুখ্যপৃষ্ঠা »খবৰ »দেশ »জন্মদিন পালনৰ বাবে ২০০০ টকা নাপাই দলঙৰ পৰা গংগাত জাপ দিলে যুৱকে!

জন্মদিন পালনৰ বাবে ২০০০ টকা নাপাই দলঙৰ পৰা গংগাত জাপ দিলে যুৱকে!

উদ্ধাৰকাৰী দলে পিতৃক উদ্ধাৰ কৰে যদিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই।

উদ্ধাৰকাৰী দলে পিতৃক উদ্ধাৰ কৰে যদিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই।

উদ্ধাৰকাৰী দলে পিতৃক উদ্ধাৰ কৰে যদিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই।

  • Share this:
জন্মদিন পালন কৰাৰৰ বাবে পিতৃৰ পৰা ২ হাজাৰ টকা বিচাৰিছিল এজন যুৱকে। সেই টকা নোপোৱাৰ বাবেই উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰাজঘাটত মালব্য দলঙৰ পৰা গংগাত জাপ দিলে যুৱকজনে। পুত্ৰক জাপ দিয়া দেখি উদ্ধাৰ কৰাৰ বাবে পিতৃয়েও জাপ দিয়ে গংগাত। কিন্তু উদ্ধাৰকাৰী দলে প্ৰাণ বচাবলৈ সক্ষম হয় যদিও এতিয়া সন্ধান পোৱা নাই যুৱকজনৰ।

আৰক্ষীৰ সূত্ৰত প্ৰকাশ, মনোজ কেশৰীৰ পুত্ৰ অশ্বিনী কেশৰীয়ে শনিবাৰে গংগাত জাপ দিয়ে। পৰিয়ালৰ পৰা জন্মদিন পালনৰ বাবে ২ হাজাৰ টকা দাবী কৰিছিল যুৱকজনে। কিন্তু পৰিয়ালে সেই টকা দিবলৈ অমান্তি হয়। ইয়াৰ পিছতে ঘৰৰ পৰা ওলাই আহি মালব্য দলঙৰ ফালে গুচি যায় অশ্বিনীয়ে। পিছে পিছে পুত্ৰক বুজাবলৈ গৈছিল পিতৃও। কিন্তু পিতৃৰ সন্মুখতে দলঙৰ পৰা জাপ দিয়ে পুত্ৰই। লগে লগে পুত্ৰক বচাবলৈ জাপ দিয়ে পিতৃয়ে। কিন্তু বচাব নোৱাৰিলে পুত্ৰক। উদ্ধাৰকাৰী দলে পিতৃক উদ্ধাৰ কৰে যদিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই।

মনোজ কেশৰীক উদ্ধাৰ কৰি এয়াৰলিফ্টৰ জৰিয়তে বাৰাণসীৰ কবিৰ চৌৰা ডিভিচনেল হাস্পতালত ভৰ্তি কৰা হয়। আৰক্ষী আৰু এনডিআৰএফ বাহিনীয়ে অশ্বিনীৰ সন্ধানত অভিযান চলাইছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই।

শেহতীয়া বাতৰি