Dell ক্ষুদ্র ব্যৱসায় মাহ বিশেষ – উদ্যোক্তাসকলে স্মাৰ্ট পদক্ষেপ লোৱাৰ সঠিক সময়

News18 Assam | News18-Assam
Updated:October 8, 2020, 2:24 PM IST
Dell ক্ষুদ্র ব্যৱসায় মাহ বিশেষ – উদ্যোক্তাসকলে স্মাৰ্ট পদক্ষেপ লোৱাৰ সঠিক সময়

  • Share this:
কৰ’নাভাইৰাছৰ পৰা উদ্ভৱ হোৱা মহামাৰীয়ে 2020 বৰ্ষটোক এক অস্বাভাৱিক বছৰ কৰি তুলিছে। ৰাষ্ট্ৰীয় লকডাউনৰ সময়ছোৱাত অনেক ব্যৱসায় বন্ধ হৈ যোৱাৰ লগতে, অনেক ক্ষুদ্ৰ ব্যৱসায়ে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তা কৰিবলগীয়া হৈছে। আমি লাহে লাহে এই 'নতুন স্বাভাৱিকতা'ৰ সৈতে একাত্ম হৈছোঁ যদিও এই ব্যৱসায়বোৰে নিজৰ ভৰিত থিয় দিব পৰা অৱস্থালৈ উভতি যাবলৈ যিকোনো সকাহৰ সন্ধানত আছে। আশাপ্ৰদ কথা এই যে প্ৰযুক্তিৰ কথা কওঁতে Dell-এ নিজৰ বাৰ্ষিক ক্ষুদ্ৰ ব্যৱসায় মাহৰ যোগেৰে সৰু ব্যৱসায়ৰ যত্ন ল'বলৈ আগবাঢ়ি আহিছে।

COVID-19ৰ প্ৰভাৱ

Covid-19 ৰ এই যুগত Dell-ৰ ক্ষুদ্ৰ ব্যৱসায় মাহটোৱে অতিশয় তাত্‍পৰ্য বহন কৰে কিয়নো ই আটাইতকৈ বেয়াকৈ প্ৰভাৱিত এটা ব্যৱসায়ৰ অংশক লেপটপ অৰু পিচিসমূহ পুনৰ চলাবলৈ বা উন্নত কৰিব পৰাকৈ সহায় প্ৰদান কৰে যাতে ব্যৱসায়সমূহ পুনৰ সুচাৰুৰূপে চলিব পাৰে।

এই বছৰ, এই কঠিন সময়ত উদ্যোক্তাসকলক সমাধান আৰু সমৰ্থন দিয়াৰ ওপৰত অধিক গুৰুত্ব দি বিশালতম IT সংস্থা Dell-ক্ষুদ্ৰ ব্যৱসায়ী গ্ৰাহকৰ বাবে তেওঁলোকৰ বিপনন আৰু যোগাযোগত এক প্ৰভাৱশালী পৰিবৰ্তন যোগ দিছে। এয়া হৈছে সাধাৰণ আৰু সামগ্ৰিক সৃষ্টিশীল অভিযান আৰু বৃহৎ পৰীক্ষামূলক অনুষ্ঠানসমূহৰ আঁতৰত এক ডাঙৰ পৰিবৰ্তন যিবোৰে সাধাৰণতে ক্ষুদ্ৰ ব্যৱসায় মাহটোক চিহ্নিত কৰে।

বলৱৎ হোৱা লকডাউনৰ পিছত পুনৰ আৰম্ভ হোৱা ক্ষুদ্ৰ ব্যৱসায়বোৰে সুনিশ্চিতৰূপে অনুভৱ কৰিব লাগিব যে তেওঁলোকে প্ৰযুক্তিগত সমস্যাৰ সমুখীন হোৱাৰ সলনি যাতে চাহিদা পুনৰুজ্জীৱিত কৰাত ভালদৰে মনোনিবেশ কৰিব পাৰে। এইবোৰ কাৰণতে Dell-ৰ ক্ষুদ্ৰ ব্যৱসায় মাহটো গুৰুত্বপূৰ্ণ। ই কেৱল উদ্যোক্তাসকলক শেহতীয়া ডিভাইচৰ সৈতে তেওঁলোকৰ অনলাইন ব্যৱসায় স্থাপন কৰিবলৈ আকৰ্ষণীয় ৰেহাই প্ৰদান কৰাই নহয়, লগতে সকলো প্ৰকাৰৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে উৎসৰ্গিত সমৰ্থন আৰু ব্যক্তিগত সমাধানো প্ৰদান কৰে। এই প্ৰযুক্তিগত কথাখিনিৰ যত্ন লোৱাৰ পিছত, তেওঁলোকে নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ প্ৰয়োজনীয় কামবোৰ কৰিবলৈ অধিক সময় দিব পাৰিব।

Dell ক্ষুদ্র ব্যৱসায় মাহ বিশেষ

ক্ষুদ্ৰ ব্যৱসায়সমূহৰ সমস্যা-বিন্দুবোৰ গভীৰভাৱে বুজি পোৱাৰ লগতে এই প্ৰযুক্তিৰ বৃহত্তম প্ৰতিষ্ঠানটোৱে বিভিন্ন উদ্যোগ হাতত লৈছে যি SMB-ক কেৱল প্ৰযুক্তি গ্ৰহণৰ বাধাবোৰ অতিক্ৰম কৰাত সহায়েই নকৰে, বৰঞ্চ লগতে তেওঁলোকৰ নিৰ্দিষ্ট প্ৰয়োজনসমূহৰ বাবে সৰ্বশ্ৰেষ্ঠ সহায় কিহে কৰিব, সেইখিনিও বুজি পায়, যেনে:

ক্ষুদ্ৰ ব্যৱসায় সুৰক্ষা —ব্যৱসায়িক তথ্য সুৰক্ষিত কৰিবলৈ ডাটা বেকআপ আৰু ছাইবাৰ সুৰক্ষা
ক্ষুদ্ৰ ব্যৱসায় সেৱা — ফাইনেন্সিং, নিয়োগ আৰু সঁজুলি ৰক্ষণাবেক্ষণ
ক্ষুদ্ৰ ব্যৱসায় উদ্ভাৱনী – উৎপাদনশীলতা বৃদ্ধিত সহায় কৰাৰ বাবে শেহতীয়া প্ৰকল্প
ক্ষুদ্ৰ ব্যৱসায়িক উৎপাদনশীলতা– কাৰ্যদক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ ছফ্টৱেৰৰ ব্যৱহাৰ

প্ৰযুক্তিৰ বৃহত্তম প্ৰতিষ্ঠানটোৰ পৰা এই সমাধানবোৰৰ উপৰিও, ইয়াত 'ক্ষুদ্ৰ ব্যৱসায় মাহ' (SB মাহ) নামৰ এক উদ্যোগ আছে, যিটো ই তিনিবছৰ আগতে আৰম্ভ কৰিছিল। "ক্ষুদ্ৰ ব্যৱসায়িক গ্ৰাহকসকলৰ বাবে আমাৰ কাৰ্য্যসূচীবোৰে আমাৰ সমাধান আৰু সমৰ্থন সেৱাৰ বিষয়ে জনোৱাত গুৰুত্ব দিছে। SB মাহৰ উদ্যোগৰ অংশ হিচাপে, আমি আমাৰ ব্যৱসায় আৰু সম্প্ৰদায়ত আমাৰ ক্ষুদ্ৰ ব্যৱসায়িক গ্ৰাহকসকলে পালন কৰা অত্যাৱশ্যকীয় ভূমিকাৰ বাবে ধন্যবাদ জনাব খুজিছোঁ।" Dell India-ৰ মাৰ্কেটিং ডাইৰেক্টৰ ৰিতু গুপ্তাই কয়।

ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে সমৰ্থন আৰু সমাধান

Dell-এ সকলো উদ্যোক্তাকে জনাই দিব খোজে যে সকলো ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰয়োজনীয়তাৰ বাবে ই হৈছে ক্ষুদ্ৰ ব্যৱসায়িক অংশীদাৰ। যোৱা বছৰৰ ক্ষুদ্ৰ ব্যৱসায় মাহৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি, এই বছৰ এই অভিযানৰ ঊদ্দেশ্য হৈছে Dell-ৰ উৎসৰ্গিত ক্ষুদ্ৰ ব্যৱসায় প্ৰযুক্তি উপদেষ্টাসকলৰ সজাগতা বৃদ্ধি কৰা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে তেওঁলোকৰ নিষ্ঠা আৰু প্ৰশংসা প্ৰদৰ্শন কৰা।

তিনি দশক জুৰি নিৰ্মিত এক সুখ্যাতিৰ পৰা অহা এক প্ৰকাৰৰ ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে ৱান-অন-ৱান উৎসৰ্গিত সমৰ্থন আগবঢ়োৱা আৰু ইয়াৰ বাবে পৰামৰ্শ প্ৰদান কৰাৰ পৰা, Dell-ৰ প্ৰযুক্তিগত উপদেষ্টাসকলে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ সমাধান আগবঢ়াবলৈ আগবাঢ়ি আহে যাতে। ক্ষুদ্ৰ ব্যৱসায় মাহটো কেৱল Dell-ৰ বাবে নহয়, বৰঞ্চ সেই উদ্যোক্তাসকলৰ বাবে যি আগন্তুক মাহবিলাকত তেওঁলোকৰ ব্যৱসায়ৰ যাত্ৰা কেনেদৰে আৰম্ভ কৰিব লাগে সেই বিষয়ে সঠিক পৰামৰ্শ প্ৰাপ্ত কৰিব খোজে। Dell-ৰ প্ৰযুক্তিগত উপদেষ্টাসকল সদায়েই তেওঁলোকৰ শ্ৰেষ্ঠ সমাধান আগবঢ়াবলৈ সাজু। এইখিনি পাবলৈ কেৱল ইয়াত তেওঁলোকৰ ৱেবছাইটত পঞ্জীয়ন কৰিব লাগে।

2020 যেতিয়া আৰম্ভ হৈছিল, কোনেও কল্পনাও কৰিব পৰা নাছিল যে এই বছৰটো আটাইৰে বাবে ইমান পৃথক বৰ্ষ হ’ব। আমি আমাৰ জীৱন আৰু ব্যৱসায় পুনৰ উজ্জীৱিত কৰিবলৈ লওঁতে এই সময়ত এক বিশ্বাসী সংগীৰ প্ৰয়োজন যি ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰকৃততে সহায় কৰিব পাৰিব।

আমি Dell-তকৈ উত্তম আন কাৰো কথা চিন্তা কৰিব নোৱাৰোঁ যি যোৱা তিনিবছৰ ধৰি ক্ষুদ্ৰ ব্যৱসায় মাহ উদযাপন কৰি এই যাত্ৰাত আগৰণুৱা হৈ ৰৈছে। Dell-এ কোৱাৰ দৰে, আপোনাৰ ব্যৱসায়ত ক্ষুদ্ৰ বুলি কোনো কথা নাই।

এইটো এক পাৰ্টনাৰড পোষ্ট।
First published: October 8, 2020, 2:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading