দিল্লী হিংসাঃ ছলিচিটৰ জেনেৰেলে ক’লে ‘হেট স্পীচ’ৰ বিৰুদ্ধে FIR দাখিলৰ এয়া সঠিক সময় নহয়, হাইক’ৰ্টত চাৰি সপ্তাহৰ কাৰণে শুনানি স্থগিত

News18 Assam | News18-Assam
Updated:February 27, 2020, 5:49 PM IST
দিল্লী হিংসাঃ ছলিচিটৰ জেনেৰেলে ক’লে ‘হেট স্পীচ’ৰ বিৰুদ্ধে FIR দাখিলৰ এয়া সঠিক সময় নহয়, হাইক’ৰ্টত চাৰি সপ্তাহৰ কাৰণে শুনানি স্থগিত
ছলিচিটৰ জেনেৰেলে কয় যে ‘হেট স্পীচ’ক লৈ এফআইআৰ সঠিক সময়তহে দাখিল কৰা হ’ব। 

ছলিচিটৰ জেনেৰেলে কয় যে ‘হেট স্পীচ’ক লৈ এফআইআৰ সঠিক সময়তহে দাখিল কৰা হ’ব। 

  • Share this:
দিল্লী হিংসাক লৈ বৃহস্পতিবাৰে দিল্লী হাইক’ৰ্টত শুনানি গ্ৰহণ হয়। এই শুনানিত উপস্থিত থকা ছলিচিটৰ জেনেৰেলে কয় এই ‘হেট স্পীচ’ক লৈ এফআইআৰ দাখিলৰ এয়া সঠিক সময় নহয়। সঠিক সময়তে এফআইআৰ দাখিল হ’ব। তেওঁ লগতে কয় যে, এতিয়া চৰকাৰ আৰু এজেন্সীসমূহে পৰিস্থিতি নিয়ন্ত্ৰণ আৰু শান্তি বাহাল ৰখাক লৈ গুৰুত্ব প্ৰদান কৰি আছে। এই চেগতে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা দিয়া তথ্য মতে এই ঘটনাৰ পিছত এতিয়ালৈকে ৪৮খন এফআইআৰ দাখিল কৰা হৈছে।

দিল্লী হাই ক’ৰ্টে দিল্লী আৰক্ষী আৰু কেন্দ্ৰ চৰকাৰৰ উত্তেজক ভাষণ দিয়াক লৈ দাখিল কৰা আৱেদন সন্দৰ্ভত বিস্তৃত উত্তৰ দিবলৈ কৈছে। ৪সপ্তাহত গৃহ মন্ত্ৰণালয়ত উত্তৰ দাখিল কৰাৰ নিৰ্দেশ দিয়া হৈছে। এই সন্দৰ্ভত পৰৱৰ্তী শুনানি ১৩ এপ্ৰিলত হ’ব।

ক’ৰ্টত উপস্থিত থকা আৰক্ষী বিষয়া প্ৰবীৰ ৰঞ্জনে কয় যে বুধবাৰলৈকে ১১খন এফআইআৰ দাখিল হৈছিল। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়কো এটা পক্ষ কৰা হৈছে। লগতে এই সন্দৰ্ভত শুনানি আগন্তুত চাৰি সপ্তাহলৈ স্থগিত কৰা হৈছে।

চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, কৰ্তৃপক্ষই ভিডিওটো চাই আছে। সঠিক সময়ত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া এই ধৰণৰ কাম কৰিব পৰা নাযাব। বৰ্তমান সকলো পক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক।

এই সময়তে আৱেদনকাৰীৰ অধিবক্তা কলিনে কয় যে, আপুনি আজি এফআইআৰ কৰক। আপুনি তেওঁলোকক মাতে নে নামাতে সেয়া আপোনাৰ ওপৰত কিন্তু এফআইআৰ কৰক। কলিনে লগতে কয় যে যদি এই অভদ্ৰ ভাষাৰ পৰিণাম হত্যা হয় তেনেহ’লে এই নেতাসকলক কেৱল ঘৃণাৰ ভাষণা দিয়াৰ কাৰণেই নহয় বৰং হত্যাৰ কাৰণে অভিযুক্ত কৰা উচিত।

দিল্লী চৰকাৰৰ অধিবক্তা ৰাহুল মেহৰাই কয় যে, বুধবাৰে শুনানিত ক’ৰ্টে কেৱল ৩টা ভিডিওৰ কথাই কোৱা নাছিল, ক’ৰ্টে সকলো ‘হেট স্পীচ’ৰ বিষয়ে কৈছিল।

 

এই পৰ্যন্ত দিল্লী হিংসাত ৩২জন লোকে প্ৰাণ হেৰুৱাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি