Delhi Violence: ২২জনৰ মৃত্যু, গৃহমন্ত্ৰী অমিত শ্বাহে ২৪ঘণ্টাত মাতিলে চতুৰ্থখন বৈঠক, ডোভালে লৈছে দায়িত্ব

News18 Assam | News18-Assam
Updated:February 26, 2020, 7:37 PM IST
Delhi Violence: ২২জনৰ মৃত্যু, গৃহমন্ত্ৰী অমিত শ্বাহে ২৪ঘণ্টাত মাতিলে চতুৰ্থখন বৈঠক, ডোভালে লৈছে দায়িত্ব
দিল্লী হিংসাত এই পৰ্যন্ত ২২জন লোকৰ মৃত্যু হৈছে আৰু আনুষ্ঠানিকভাৱে ১৮৯জন লোক এই হিংসাত আহত হৈছে। 

দিল্লী হিংসাত এই পৰ্যন্ত ২২জন লোকৰ মৃত্যু হৈছে আৰু আনুষ্ঠানিকভাৱে ১৮৯জন লোক এই হিংসাত আহত হৈছে। 

  • Share this:
নতুন দিল্লীঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দিল্লী হিংসাক লৈ আকৌ এবাৰ বৈঠক আহ্বান দিয়ে। এই বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালো উপস্থিত থাকে। এই বিষয়টোক লৈ মঙলবাৰে এয়া চতুৰ্থনখন বৈঠক আছিল। দিল্লী হিংসাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব NSA অজিত ডোভালে কান্ধ পাতি লৈছে। তেওঁ সংঘৰ্ষপীড়িত মৌজপুৰ আৰু বাবৰপুৰ এলেকা পৰিভ্ৰমণ কৰে।

দিল্লী আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে কয় যে দিল্লীত বৰ্তমান দ্ৰুত গতিৰে পৰিস্থিতি সামান্য হ’বলৈ ধৰিছে। দিল্লীত হোৱা হিংসাত এই পৰ্যন্ত ২২জন লোকৰ মৃত্যু ঘটিছে আৰু ১৮৯জন লোক এই হিংসাত আনুষ্ঠানিক ৰূপত আহত হৈছে।

উচ্চ ন্যায়ালয়ে মৃত লোকসকলৰ অন্তিম সৎকাৰৰ কাৰণে নিৰাপদ পথ উলিয়াই দিবলৈ কয়। ইয়াৰ বাহিৰেও হেল্পলাইন নম্বৰ মুকলি কৰাৰো আদেশ দিয়া হয়। এই বিষয়টোক লৈ ২৮ ফেব্ৰুৱাৰী, শুকুৰবাৰে ২.৩০বজাত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।

উচ্চ ন্যায়ালয়ে পীড়িতসকলক সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে

হাইক’ৰ্টে হিংসা পীড়িত সকলক কম্বল, ঔষধ, ভোজনৰ দৰে প্ৰাথমিক সুবিধাসমূহৰ সৈতে পুনঃ সংস্থাপনৰ কাৰণে চেল্টাৰ হোম নিৰ্মাণ কৰাৰ নিৰ্দেশ দিয়ে।

পীড়িতসকলক সহায় কৰিবলৈ হেল্পলাইন নম্বৰ স্থাপন কৰাৰ লগতে পীড়িতসকলক সুৰক্ষিত পথেৰে পঠিয়াবলৈ এম্বুলেন্স উপলব্ধ কৰাৰো নিৰ্দেশ দিয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি