দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ অভিযুক্ত দেবাংগনা কলিতাই সেই সংঘৰ্ষৰ আঁৰৰ ব্যক্তিজন বিজেপি নেতা কপিল মিশ্ৰ বুলি দোহাৰি মিছাৰ আশ্ৰয় লৈছে। এই অভিযোগ দিল্লী আৰক্ষীৰ। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী কলিতা ষড়যন্ত্ৰকাৰী হয়নে নহয় এই সন্দৰ্ভৰ এক শুনানিত দিল্লী আৰক্ষীয়ে শপতনামা যোগে আদালতক এই কথা সদৰি কৰিছে।
বিজেপি নেতাজনক সংঘৰ্ষৰে লিপ্ত কৰি কলিতাই সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰিছে বুলিও আদালতক অভিযোগ দিয়ে দিল্লী আৰক্ষীয়ে। যদি তদন্ত, আইনী ব্যৱস্থা তথা দেশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ আধাৰত পৰিচালিত হ’বলগীয়া হয় তেন্তে সেয়া আইনৰ শেষ দিন হ’ব বুলিও উল্লেখ কৰা হয় শপতনামাত। অভিযুক্তই গোচৰীয় পক্ষৰ বিৰুদ্ধে অপবাদ অনাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলিও উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে।
পূৰ্বতে কলিতাৰ অধিবক্তা আদিত পূজাৰীয়ে সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত সমদল উলিওৱা লোকেহে সংঘৰ্ষৰ সূত্ৰপাত কৰিছিল বুলি আদালতক অৱগত কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|