দিল্লী হিংসাঃ হাইক’ৰ্টে আৰক্ষীক ক’লে–ভিডিও চাই কপিল মিশ্ৰাৰ বিৰুদ্ধে FIR দাখিল কৰাৰ সিদ্ধান্ত লওক

News18 Assam | News18-Assam
Updated:February 26, 2020, 5:49 PM IST
দিল্লী হিংসাঃ হাইক’ৰ্টে আৰক্ষীক ক’লে–ভিডিও চাই কপিল মিশ্ৰাৰ বিৰুদ্ধে FIR দাখিল কৰাৰ সিদ্ধান্ত লওক

  • Share this:
হাইক’ৰ্টে আৰক্ষীক কয়, ভিডিও চাই কপিল মিশ্ৰা সহ অন্যান্যসকলৰ ওপৰত FIR দাখিল কৰাৰ সিদ্ধান্ত লওক। অশান্তিজৰ্জৰ এলেকাত সেনা মোতায়েন কৰাক লৈ দিল্লী হাইক’ৰ্টে কয় যে, আমি এই বিষয়ত চৰ্চা কৰিব নালাগে। আমি এতিয়া এই কথাত গুৰুত্ব দিব লাগে যাতে FIR দাখিল হওক। ক’ৰ্টে বিষয়াৰ বিৰুদ্ধে আইন হাতত তুলি লোৱা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। হাইক’ৰ্টে এই ক্ষেত্ৰত শুনানি বৃহস্পতিবাৰে পুৱালৈকে স্থগিত কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ে উত্তৰ পূৱ দিল্লীত হোৱা হিংসাৰ শুনানি গ্ৰহণ কৰি দিল্লী আৰক্ষীৰ কাৰ্যশৈলী সন্দৰ্ভত কঠোৰ টিপ্পণী কৰিছে। ক’ৰ্টে কয় যে, বিজেপি নেতা কপিল মিশ্ৰাৰ বিৰুদ্ধে উত্তেজক ভাষণ দিয়া সন্দৰ্ভত এফআইআৰ দাখিল কৰিব লাগে। ক’ৰ্টৰ শুনানিৰ সময়ত আৰক্ষী বিষয়াসকলক সোধা হয় যে তেওঁৰ বিৰুদ্ধে এফআইআৰ কিয় দাখিল কৰা হোৱা নাই?

অশান্তিজৰ্জৰ এলেকাত সেনা মোতায়েন কৰাক লৈ দিল্লী হাইক’ৰ্টে কয় যে, আমি এই বিষয়ত চৰ্চা কৰিব নালাগে। আমি এতিয়া এই কথাত গুৰুত্ব দিব লাগে যাতে FIR দাখিল হওক। ক’ৰ্টে বিষয়াৰ বিৰুদ্ধে আইন হাতত তুলি লোৱা ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। হাইক’ৰ্টে এই ক্ষেত্ৰত শুনানি বৃহস্পতিবাৰে পুৱালৈকে স্থগিত কৰিছে।




ক’ৰ্টত বিজেপিৰ ৪জন নেতাৰ ভাষণৰ ভিডিও দেখুৱাই বুধবাৰে শুনানি গ্ৰহণ কৰি হাইক’ৰ্টত বিজেপি সাংসদ অনুৰাগ ঠাকুৰৰ বিতৰ্কিত ভিডিও...‘দেশ কে গদ্দাৰো কো, গ’লী মাৰো চালো কো..’ শুনোৱা হয়। ইয়াৰ পিছত লক্ষ্মী নগৰ আসনৰ পৰা বিজেপি বিধায়ক অভয় বৰ্মাৰ ভিডিও প্লে কৰা হয়। এয়া কালি সন্ধিয়াৰ ভিডিও। ক’ৰ্টে সোধাত আৱেদনকাৰীয়ে কয়। ক’ৰ্টে তেতিয়া আৰক্ষীক সোধে যে তাত ধাৰা ১৪৪জাৰি কৰা আছিল নে? আৰক্ষীয় উত্তৰ দিয়ে, নাই। তৃতীয়টো ভিডিও আছিল, বিজেপি নেতা কপিল মিশ্ৰাৰ। ক’ৰ্টে কয়, এই ভিডিওটো আমি চাইছো। আকৌ চাব বিচৰা নাই। ইয়াৰ পিছত ক’ৰ্টত পশ্চিম দিল্লীৰ পৰা বিজেপি সাংসদ প্ৰৱেশ বাৰ্মাৰ ভিডিও বজোৱা হয়।

'দিল্লীত আৰু এক ১৯৮৪ হ’বলৈ দিয়া নহ’ব।', হিংসাক লৈ হাইক’ৰ্টে দিয়ে এই কঠোৰ টিপ্পণী। ক’ৰ্টে সাধাৰণ মানুহকো ভিআইপিৰ দৰে বিশেষ নিৰাপত্তা প্ৰদানৰ প্ৰসংগ উল্লেখ কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি