Delhi Violence: ঘৰত জুই লগাই তেওঁলোকে ক’লে, ‘ফটো নুতুলিব, জাষ্ট এই দৃশ্য এনজয় কৰক’

News18 Assam | News18-Assam
Updated:February 26, 2020, 4:13 PM IST
Delhi Violence: ঘৰত জুই লগাই তেওঁলোকে ক’লে, ‘ফটো নুতুলিব, জাষ্ট এই দৃশ্য এনজয় কৰক’
ঘৰবোৰত জুই লগাই উন্মত্ত ভিৰে গৰ্বৰে চিৎকাৰ কৰি আঁতৰি গ’ল। তেতিয়া মোক ক’লে,‘এতিয়া ফটো তুলিব পাৰে, কিন্তু এখনেই।’

ঘৰবোৰত জুই লগাই উন্মত্ত ভিৰে গৰ্বৰে চিৎকাৰ কৰি আঁতৰি গ’ল। তেতিয়া মোক ক’লে,‘এতিয়া ফটো তুলিব পাৰে, কিন্তু এখনেই।’

  • Share this:
নতুন দিল্লীঃ যেন মোৰ চকুৰ আগত কোনো চিনেমাহে চলি আছিল। কি ভয়াৱহ সেই দৃশ্য। সমগ্ৰ শৰীৰত এক চেঁচা শিহৰণ বৈ গৈছিল, মানুহৰ হাতে হাতে খোলা তৰোৱাল, লোহাৰ ৰ’ড, হকী ষ্টিক, বেছিভাগৰে মূৰত হেলমেট। চিৎকাৰ কৰিছে, ‘জয় শ্ৰীৰাম’। চকুৰ সন্মুখত দিল্লী হিংসাৰ ভয়াৱহতা দেখা পালে News18-ৰ সাংবাদিক ৰুনজুন শর্মাই ৷ সেই ভয়াবহতা তুলে ধৰিলে কলমেৰে।

ৰুণজুনে কয়, ঘৰবোৰত যেতিয়া ভিৰ সোমায়, তেতিয়া শুনা পোৱা গৈছিল ভিতৰত চিৎকাৰ। কেইমিনিটমানৰ পিছত মই দেখিলো, ঘৰৰ জলঙাইদি জুইৰ লেলিহান শিখাই লকলকাই বাহিৰলৈ আহিছে। এটা ডাঙৰ নলাৰ ওচৰত মই ৰৈ আছিলো। উত্তৰ পূৱ দিল্লীৰ খাজুৰী খাচ এলেকাত। মোৰ সৈতে আছিল আৰু দুজন সাংবাদিক।

এই ঘটনাৰ দৃশ্যাৱলী ৰে’কৰ্ড কৰিবলৈ আমাক বাৰন কৰা হ’ল। ভিৰৰ মাজৰে পৰা কোনোবাই ক’লে, ‘পকেটৰ পৰা ফোন নুলিয়াব, জাষ্ট এই দৃশ্য এনজয় কৰক।’

মোৰ সন্মুখত, পিছফালে গলীবোৰত ইটা দলিওৱা হৈছিল। মই ওচৰলৈ যাব পৰা নাছিলো। কেৱল ক’লা ধোঁৱাই ঢাকি পেলাইছিল চৌদিশ। মই মাত্ৰ চাই ৰ’লো। ঘৰবোৰ জ্বলিছিল, চকুৰ সন্মুখত। কিছু কিলোমিটাৰ দূৰৈত আৰক্ষী ৰৈ আছিল। আচৰিত হ’লো, তেওঁলোকে ঘটনাস্থলীৰ ওচৰলৈও যোৱা নাই। সাংবাদিকৰ ওচৰলৈ খবৰ আহিছে, আৰক্ষীৰ ওচৰলৈ নাই যোৱা, এইটো কেনেকৈ বিশ্বাস কৰিব?

ঘৰবোৰত জুই লগাই ভিৰে গৰ্বৰে চিৎকাৰ কৰি কৰি আগবাঢ়ি গ’ল। তেতিয়া মোক কৈ থৈ গ’ল। 'এইবাৰ এখন ফটো তুলিব পাৰে, কিন্তু এখনেই।’

মই আন এখন ঠাইলৈ গ’লো, পুৰণি মৌজপুৰৰ ওচৰলৈ, দেখা পালো, হাতত অস্ত্ৰ লৈ এজাক লোকে খোজকাঢ়ি গৈ আছে। সেই এলেকাত ১৪৪ধাৰা জাৰি কৰাৰ পিছতো নিৰ্বিঘ্নে আগবাঢ়িছে তেওঁলোক। পুৰণি মৌজপুৰৰ ওচৰত থকা কেইটামান ধৰ্মীয় প্ৰতিষ্ঠান ভাঙি পেলোৱা হ’ল। ২০০–৩০০ জন মানুহৰ এটা ভিৰ। তাৰ পিছত তেওঁলোকে জুই লগাই দিলে। মোৰ সৈতে NDTV-ৰ আৰু দুজন ৰিপ’ৰ্টাৰ আছিল সৌৰভ শুক্লা আৰু অৰবিন্দ গুণশেখৰ। আমি আমাৰ গাড়ী ৰখালো। এইটো মূল পথ নাছিল। ওচৰত ফ্লাই অভাৰো নাছিল। মই দেখা পালো কপালত তিলক লোৱা আৰক্ষীয়ে অস্ত্ৰধাৰী সেই মানুহবোৰক বাইকেৰে সেই ঠাইত নমাই আছিল।

অৰবিন্দই সেই দৃশ্য ম’বাইলত ৰেক’ৰ্ড কৰা আৰম্ভ কৰিলে। ফোনটে তেওঁৰ চাৰ্টৰ বুকুৰ পকেটত আছিল। কেইমিনিটমানৰ ভিতৰত দেখিলো, হাতত লোহাৰ ৰ’ড, হকীষ্টিক লৈ কমেও ৫০জন মানুহ আমাৰ ফালে আগবাঢ়ি আহিছে। আমি তেওঁলোকক হাতজোৰ কৰি ক্ষমা বিচাৰি ক’লো, 'আমাক ক্ষমা কৰি দিল, ভুল হৈ গ’ল। আমি সাংবাদিক৷' কোনো কথাই কামত নাহিল। তেওঁলোকে অৰবিন্দক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে। ঠাইডোখৰত আৰু মানুহ গোট খালে। আমি হাতজোৰ কৰি ক’লো, ‘আমাক এৰি দিয়ক।’ অৰবিন্দক নিৰ্মমভাৱে প্ৰভাৱ কৰি তেওঁৰ ম’বাইলৰ সকলো ছবি, ভিডিও ডিলিট কৰোৱালে। তাৰ পিছতহে এৰি দিলে। অৰবিন্দৰ তেতিয়া মুখ ফাটি তেজ ওলাইছে। এটা দাঁতো ভাঙিল।

অৰবিন্দৰ সৈতে মই যেতিয়া গাড়ীৰে সেই ঠাইত উপস্থিত হ’লো। ভয়াৱহতা আৰু বেছি দেখা পালো। আমাৰ মাজত থকা আন এজন ৰিপ’ৰ্টাৰক তেওঁলোকে ধৰিলে, সৌৰভ শুক্লা। সৌৰভক তেওঁলোকে ক’লে এতিয়াই সকলো ডিলিট কৰ নহ’লে ফোনটো জুইৰ মাজলৈ দলিয়াই দিম।

আমি তেওঁলোকক পাৰ হৈ আহিলো। মোৰ ফোনটোও পেণ্টৰ পকেটতে আছিল। তেওঁলোকক ক’লো, গাড়ীত আছে। তাৰ পিছত তেওঁলোকে আমাৰ তালাচী লয়। তাৰ পিছত তেওঁলোকে আমাৰ ধৰ্মীয় পৰিচয় জানিব বিচাৰে। মই প্ৰেছ কাৰ্ড দেখুৱালো। তাত মোৰ উপাধি লিখা আছিল শৰ্মা। সৌৰভে তেওঁৰ ৰুদ্ৰাক্ষৰ মালা বাহিৰ কৰি দেখুৱালে। বহু দেৰী তেওঁলোকৰ হাতে–ভৰিয়ে ধৰি অনুনয়–বিনয় কৰাৰ পিছত আমাক তেওঁলোকে যাব দিলে। যোৱাৰ আগতে চিৎকাৰ কৰি গ’ল, 'জয় শ্রীৰাম৷'

 
আৰু চাওক
পৰৱৰ্তী বাতৰি