Cut off marksৰ ভিত্তিতে এইবাৰো দিল্লী বিশ্ববিদ্যালয়ত হ’ব নামভৰ্তি, ২ আগষ্টৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ণ

News18 Assam | News18-Assam
Updated:July 18, 2021, 11:03 PM IST
Cut off marksৰ ভিত্তিতে এইবাৰো দিল্লী বিশ্ববিদ্যালয়ত হ’ব নামভৰ্তি, ২ আগষ্টৰ পৰা আৰম্ভ হ'ব পঞ্জীয়ণ
এইবাৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে (CBSE) মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ লগতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰে।

এইবাৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে (CBSE) মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ লগতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰে।

  • Share this:
দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত এইবাৰো Cut off marksৰ ভিত্তিত নামভৰ্তি অনুষ্ঠিত হ’ব। এই পদ্ধতি অনুসৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তিনিটা বা চাৰিটা বিষয়ত লাভ কৰা শতাংশ নম্বৰৰ এক সৰ্বনিম্ন শতাংশ প্ৰতিটো বিভাগৰ কাৰণে ধার্য কৰা হয়। সেই নম্বৰ তথা অধিক নম্বৰ লাভ কৰা সকলে নামভৰ্তিৰ কাৰণে যোগ্যতা অৰ্জন কৰে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, ২০২১-২২ শৈক্ষিক বৰ্ষৰ স্নাতক শ্ৰেণীৰ নামভৰ্তি Cut off marksৰ ভিত্তিত সম্পন্ন হ’ব। পঞ্জীয়ণ আৰম্ভ হ’ব আগষ্টৰ ২ তাৰিখৰ পৰা। পঞ্জীয়ণৰ অন্তিম তাৰিখ ৩১আগষ্ট । শিক্ষাৰ্থীয়ে সম্পূৰ্ণ অনলাইন যোগে পঞ্জীয়ণ কৰিব লাগিব। প্ৰতিবাৰৰ দৰে এইবাৰো দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ প্ৰায় ৭০খন কলেজৰ বিভিন্ন স্নাতক  বিভাগৰ ৭০,০০০আসনত নামভৰ্তি হ’ব। উল্লেখযোগ্য যে, কেইটামান বিশেষ বিভাগৰ বাদে নামভৰ্তিৰ কাৰণে কোনোধৰণ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত নহয় ।

বিশ্ববিদ্যালয়ৰ নামভৰ্তি বিভাগৰ মূৰব্বী প্ৰফেচৰ ৰাজীৱ গুপ্তাই সাংবাদিকক জনোৱা মতে, বিভাগটোৱে কলেজ সমূহৰ অধ্যক্ষৰে মিলিত হৈ ক্ৰুটিহীন Cut off তালিকা প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে।

আনহাতে কাৰ্যকৰী উপাচাৰ্য পি চি যোশীয়ে জনোৱা মতে, স্নাতকোত্তৰ শ্ৰেণীৰ কাৰণে নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব ২৬জুলাই পৰা। পঞ্জীয়ণৰ অন্তিম তাৰিখ ২১আগষ্ট। স্নাতকোত্তৰ শ্ৰেণীৰ একাংশ বিভাগত প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’ব আৰু এই পৰীক্ষা National Testing Agencyয়ে অনুষ্ঠিত কৰিব।

এইবাৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে (CBSE) মহামাৰীয়ে সৃষ্টি কৰা পৰিবেশৰ পৰিপ্ৰেক্ষিতত দশম শ্ৰেণীৰ লগতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰে। ইয়াৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাৰদৰ্শিতাৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰা হ’ব । অসমতো অনুৰূপ পদ্ধতি গ্ৰহণ কৰা হৈছে ।
Published by: Himangshu Bhuyan
First published: July 18, 2021, 10:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি