দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ বহুকেইখন মহাবিদ্যালয়ে বিভিন্ন স্নাতক পাঠ্যক্ৰমত সৰ্বনিম্ন ১০০ নম্বৰৰ সীমা ধার্য কৰাৰ পিছত এতিয়া সূচনা হৈছে এক নতুন বিতৰ্কৰ। প্ৰায় ১১টা পাঠ্যক্ৰমত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত নিৰ্দ্দিষ্ট তিনিটা বা চাৰিটা বিষয়ত ১০০নম্বৰ পালেহে নামভৰ্তি কৰিব পৰাৰ নিয়ম বান্ধি দিছিল বিশ্ববিদ্যালয়ৰ প্ৰায় ৭খন মহাবিদ্যালয়ে। এতিয়া সেই সমূহ Courseত নামভৰ্তি কাৰণে হাতে হাতে ১০০শতাংশ নম্বৰ লৈ ভিৰ কৰিছেহি কেৰালা শিক্ষা বোৰ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে ।
উল্লেখযোগ্য যে, হংসৰাজ মহাবিদ্যালয়ৰ BA (Honours) Computer Science আৰু হিন্দু তথা ৰামজাচ কলেজৰ BA (Honours) Political Scienceৰ মুক্ত আসন কেইখনত বান্ধি দিয়া হৈছিল ১০০শতাংশ Cut off mark। কিন্তু তাৰ পিছতো প্ৰথম Cut off তালিকাতে আসন ভৰ্তি হৈছে এইকেইটা পাঠ্যক্ৰমত। এই তিনিটা পাঠ্যক্ৰমত নামভৰ্তি কৰা ২০৬জন শিক্ষাৰ্থীৰ ভিতৰত ৯৫ শতাংশই কেৰালা শিক্ষা বোৰ্ডৰ ।
অক্টোবৰৰ ৭ তাৰিখলৈ হিন্দু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগে ১৩৪জন শিক্ষাৰ্থীৰ আবেদন গ্ৰহণ কৰিছে। তাৰে মাত্ৰ এজন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চমুকৈ CBSEৰ হোৱাৰ বিপৰীতে ১৩৩জনেই কেৰালা উচ্চতৰ মাধ্যমিক শিক্ষা বোর্ডৰ। অৰ্থাৎ আটাইখিনিয়ে দ্বাদশ শ্ৰেণীত ৰাজনীতি বিজ্ঞানকে ধৰি আন তিনিটা বিষয়ত ১০০নম্বৰ লাভ কৰিছে।
১০০ শতাংশ Cut off ধার্য কৰা ৰামজাচ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগে এতিয়ালৈ ৩৩জন শিক্ষাৰ্থীৰ নামভৰ্তিত অনুমোদন প্ৰদান কৰিছে। ইয়াৰ ৩২জনেই কেৰালাৰ । হংসৰাজ মহাবিদ্যালয়তো একেই অৱস্থা। মহাবিদ্যালয়খনে কম্পিউটাৰ ছায়েঞ্চ বিভাগৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ২৩জনৰ দুজনহে কেৰালাৰ বাহিৰৰ। এজন মেঘালয় শিক্ষা বোর্ডৰ আৰু আনজন ৰাজস্থান শিক্ষা বোর্ডৰ। শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰায় ৫০শতাংশ কেৰালাৰ বুলি জানিবলৈ দিয়ে মহাবিদ্যালয় কৰ্তৃপক্ষই ।