দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ, কেনেকৈ জমা দিব প্ৰ–পত্ৰ

৩ জুনৰ পৰা আৰম্ভ হ’ব স্নাতকোত্তৰ, এম ফিল আৰু পি এইচ ডিৰ নামভৰ্তি প্ৰক্ৰিয়া।

news18assam
Updated:May 30, 2019, 8:36 AM IST
দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ, কেনেকৈ জমা দিব প্ৰ–পত্ৰ
৩ জুনৰ পৰা আৰম্ভ হ’ব স্নাতকোত্তৰ, এম ফিল আৰু পি এইচ ডিৰ নামভৰ্তি প্ৰক্ৰিয়া।
news18assam
Updated: May 30, 2019, 8:36 AM IST
আজিৰে পৰা আৰম্ভ হ’ব দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়া। দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ ২০১৯-২০ শিক্ষাবৰ্ষৰ স্নাতক শাখাৰ নামভৰ্তি আৰম্ভ হ’ব আজিৰ পৰা। ৩ জুনৰ পৰা আৰম্ভ হ’ব স্নাতকোত্তৰ, এম ফিল আৰু পি এইচ ডিৰ নামভৰ্তি প্ৰক্ৰিয়া। আবেদনকাৰী ছাত্ৰ–ছাত্ৰীয়ে অনলাইনযোগেহে প্ৰ–পত্ৰ জমা কৰিব পাৰিব। নামভৰ্তি প্ৰক্ৰিয়াৰ বিৱৰণ সন্নিৱিষ্ট বুলেটিন দিল্লী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব। এক প্ৰেছ বিজ্ঞপ্তিযোগে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এই কথা সদৰি কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি