বনকৰা মহিলা আৰু চুবুৰীয়াসকলে জনায় যে তেওঁৰ স্বামী যোৱা বছৰ কোৰোনাত মৃত্যুবৰণ কৰিছিল।
বনকৰা মহিলা আৰু চুবুৰীয়াসকলে জনায় যে তেওঁৰ স্বামী যোৱা বছৰ কোৰোনাত মৃত্যুবৰণ কৰিছিল।
দেওবাৰে দিল্লীৰ বসন্ত বিহাৰ অঞ্চলত সংঘটিত আত্মহত্যাৰ ঘটনাই আৰক্ষীৰ লগতে দেশৰ সকলো স্তৰৰ লোকক স্তম্ভিত কৰি তুলিছে। এগৰাকী ৫০ বছৰীয়া মহিলা আৰু তেওঁৰ দুগৰাকী কন্যাই দিল্লীৰ বসন্ত বিহাৰ অঞ্চলৰ (Vasant Vihar area) এটা বিলাসী ফ্লেটত এই কাণ্ড সংঘটিত কৰে (Delhi Triple Suicide)।
আৰক্ষীয়ে তিনিওগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। কিন্তু আৰক্ষী আচৰিত হয় আত্মহত্যা কৰাৰ ধৰণ দেখি। দিল্লীৰ বিলাসী ফ্লেটটোক এটা 'গেছ চেম্বাৰ'লৈ পৰিৱৰ্তন কৰি তিনিগৰাকীয়ে আত্মহত্যা কৰিছিল।
ঘৰটোৰ দুৱাৰমুখত লিখি ৰাখিছিল ছুইচাইড নোট। কাৰণ উদ্ধাৰ কৰিবলৈ যোৱা লোক যাতে বিপদত নপৰে বা কোনো হানি-বিঘিনি নহয় তাৰ বাবে কোঠাৰ বাহিৰত এই নোট আঁৰি থৈছিল।
কোঠাটোৰ সকলো খিৰিকী, দুৱাৰ আৰু ভেণ্টিলেটৰ প্লাষ্টিকেৰে বন্ধ কৰি ৰন্ধন গেছৰ চিলিণ্ডাৰ খোলা ৰাখি গেছ চেম্বাৰলৈ পৰিৱৰ্তন কৰা কোঠাটো বিষাক্ত কাৰ্বন ডাই অক্সাইডেৰে ভৰি পৰিছিল।
কোঠাটোত শ্বাসৰুদ্ধ হৈ মাক আৰু দুগৰাকী জীয়েকৰ মৃত্যু হৈছিল। চুইছাইড নোটত কোৱা হৈছিল, "অনুগ্ৰহ কৰি ঘৰত প্ৰৱেশ নকৰিব আৰু কোনো জুইশলা জ্বলাই নিদিব।" টোকাটোত এইটোও লিখা আছিল, "অতি বিষাক্ত গেছ... ভিতৰত কাৰ্বন মনোক্সাইডেৰে ভৰ্তি। ই দাহ্য। কোঠাটোৰ খিৰিকীখন খোলক আৰু ফেনটো চলাওক প্ৰথমে।'
আৰক্ষীয়ে কয় যে চুইছাইড নোট ইংৰাজীত লিখা আছিল। মৃতসকলক মঞ্জু আৰু তেওঁৰ দুই কন্যা অঞ্চিকা-আনকু বুলি চিনাক্ত কৰা হৈছে।
বনকৰা মহিলা আৰু চুবুৰীয়াসকলে জনায় যে তেওঁৰ স্বামী যোৱা বছৰ কোৰোনাত মৃত্যুবৰণ কৰিছিল। তেতিয়াৰ পৰা গোটেই পৰিয়ালটো হতাশাগ্ৰস্ত হৈ আছিল। আৰক্ষীয়ে এতিয়া ঘটনাৰ তদন্ত কৰি আছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|