নতুন দিল্লীস্থিত ত্যাগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকে দিল্লীৰ মুখ্য সচিব(ৰাজহ) সঞ্জীৱ খিৰৱাৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। নতুন দিল্লীস্থিত ত্যাগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকে দিল্লীৰ মুখ্য সচিব(ৰাজহ) সঞ্জীৱ খিৰৱাৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। নতুন দিল্লীস্থিত ত্যাগৰাজ ষ্টেডিয়ামত খেলুৱৈ আৰু প্ৰশিক্ষকে দিল্লীৰ মুখ্য সচিব(ৰাজহ) সঞ্জীৱ খিৰৱাৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ। অভিযোগ অনুসৰি, সঞ্জীৱ খিৰৱাৰে প্ৰায় আধা ঘণ্টা নিজৰ কুকুৰটোক খোজকঢ়াবলৈ ষ্টেডিয়ামলৈ আনে। আৰু সন্ধিয়া ৭ বজাৰ ভিতৰত খেলুৱৈসকলক ষ্টেডিয়েম ত্যাগ কৰিবলৈ বাধ্য কৰায়।
"আমি আগতে লাইটৰ তলত নিশা ৮-৮.৩০ বজালৈকে প্ৰশিক্ষণ লৈছিলো। কিন্তু এতিয়া, আমাক সন্ধিয়া ৭ বজাৰ ভিতৰত ষ্টেডিয়াম এৰি যাবলৈ কোৱা হৈছে যাতে বিষয়াজনে তেওঁৰ কুকুৰটোক খোজ কঢ়াব পাৰে। ফলত আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিন ব্যাহত হৈছে।" এজন প্ৰশিক্ষকে কয়।
কিন্তু বিষয়াগৰাকীয়ে উত্থাপিত হোৱা অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰিছে। কিন্তু মাজে মাজে পোহনীয়া কুকুৰটোক লৈ ষ্টেডিয়ামত তহল দিয়ে বুলিও স্বীকাৰ কৰে।
সংবাদ মাধ্যমত বিষয়টো প্ৰকাশ পোৱাৰ পিছতে দিল্লী চৰকাৰৰ দৃষ্টিগোচৰ হয়। আকু নিশা ১০ বজালৈকে ষ্টেডিয়ামত খেলৰ পৰিবেশ ৰাখিবলৈ নিৰ্দেশ দিয়ে। সেইদৰে ঘটনাটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে খেলুৱৈক অনুশীলনত অসুবিধা হোৱাকৈ কোনা কাম নকৰিবলৈ কঠোৰ সকীয়নি দিয়ে।
Published by: Himangshu Bhuyan
First published: May 26, 2022, 18:41 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|