ডাঙৰ খবৰ! কোৰোণাৰ ভেকচিন বজাৰলৈ নহা পৰ্যন্ত বন্ধ থাকিব স্কুল...

Source-Google
এই সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।
- News18 Assam
- Last Updated: November 25, 2020, 9:47 PM IST
এতিয়া আৰম্ভ কৰা হৈছে বাছ-ৰে’ল, মেট্ৰ’ সেৱা। খুলিছে অফিচ, বেংক, পাৰ্ক, চিনেমা হল, শ্বপিং মল। যোৱা ২২ মাৰ্চৰ পৰাই দেশৰ প্ৰায় সকলো ৰাজ্যতে বন্ধ হৈ পৰিছিল স্কুল কলেজৰ লগতে অন্যান্য শিক্ষানুষ্ঠান। ফলত চিন্তাত পৰিছিল অভিভাৱকসকল। অনলাইন ক্লাচৰ ব্যৱস্থা কৰা হৈছিল যদিও, সেয়া সকলোৰে বাবে সম্ভৱ নাছিল। কিন্তু এতিয়া সংক্ৰমণ হ্ৰাস পোৱাৰ পিছত লাহে লাহে আৰম্ভ হৈছে স্কুল কলেজ। কিন্তু তাৰ মাজতে দিল্লীৰ চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত।
দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিচোদিয়াই জনোৱা মতে, কোৰোণাৰ প্ৰতিষেধক বজাৰলৈ নহা পৰ্যন্ত বন্ধ থাকিব দিল্লীৰ সকলো স্কুল। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, ‘যেতিয়ালৈকে কোৰোণাৰ ভেকচিন বজাৰত উপলব্ধ নহয়, তেতিয়ালৈকে বন্ধ থাকিব বিদ্যালয়।’