দিল্লীত সোমবাৰৰ পৰা এক সপ্তাহৰ কাৰণে বন্ধ কৰি দিয়া হ’ল সকলো বিদ্যালয়। এসপ্তাহৰ কাৰণে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। স্কুল আৰু চৰকাৰী কাৰ্যালয় সমূহ ইণ্টাৰনেটৰ যোগেদি ঘৰৰ পৰাই পৰিচালনা কৰা হ’ব। নৱেম্বৰৰ ১৪ৰ পৰা ১৭ তাৰিখলৈ বন্ধ থাকিব সকলো নির্মাণ কাৰ্য। এইবাৰ দিল্লীত আংশিক লকডাউন কোৰোণা প্ৰতিৰোধ কৰিবলৈ ঘোষণা কৰা হোৱা নাই। বৰঞ্চ ভয়ংকৰ ৰূপ ধাৰণ কৰা বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।
শনিবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এখন জৰুৰীকালীন বৈঠকৰ অনুষ্ঠিত কৰি এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰে। সংবাদ মাধ্যমত চৰকাৰী সিদ্ধান্ত সমূহৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত খণ্ডৰ কাৰ্যালয় সমূহকো ঘৰৰ পৰা কাম কৰাৰ পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।