• Home
  • »
  • News
  • »
  • nation
  • »
  • দেৱাংগনা কলিতাসহ আন দুই শিক্ষাৰ্থীক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতৰ

দেৱাংগনা কলিতাসহ আন দুই শিক্ষাৰ্থীক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ আদালতৰ

দিল্লী হাই ক’ৰ্টে এই ছাত্ৰ কৰ্মীকেইগৰাকীক জামিন প্ৰদানৰ দুদিন পিছতে আদালতে এই নিৰ্দেশ প্ৰদান কৰে।

দিল্লী হাই ক’ৰ্টে এই ছাত্ৰ কৰ্মীকেইগৰাকীক জামিন প্ৰদানৰ দুদিন পিছতে আদালতে এই নিৰ্দেশ প্ৰদান কৰে।

দিল্লী হাই ক’ৰ্টে এই ছাত্ৰ কৰ্মীকেইগৰাকীক জামিন প্ৰদানৰ দুদিন পিছতে আদালতে এই নিৰ্দেশ প্ৰদান কৰে।

  • Share this:
দিল্লীৰ এখন আদালতে উত্তৰ–পূব দিল্লীৰ হিংসাত্মক ঘটনাত অভিযুক্ত জামিয়া মিলিয়া ইছলামিয়াৰ ছাত্ৰ আছিফ ইকবাল তনহা আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী দেৱাংগনা কলিতা আৰু নতাশা নৰৱালক শীঘ্ৰে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে।

দিল্লী হাই ক’ৰ্টে এই ছাত্ৰ কৰ্মীকেইগৰাকীক জামিন প্ৰদানৰ দুদিন পিছতে আদালতে এই নিৰ্দেশ প্ৰদান কৰে।

২০২০ৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত দিল্লীত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল এই শিক্ষাৰ্থীকেইগৰাকীয়ে। প্ৰতিবাদ হিংসাত্মক হৈ পৰাত বহু লোকৰ মৃত্যু হৈছিল। দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (Unlawful Activities Prevention Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল।

উল্লেখযোগ্য যে ২৪ ফেব্ৰুৱাৰী ২০২০ত দিল্লীত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থক আৰু বিৰোধীৰ মাজত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। এই ঘটনাত ৫৩জন লোকৰ মৃত্যু হৈছিল আৰু ২০০ৰো অধিক লোক আহত হৈছিল। এই তিনি শিক্ষাৰ্থী সেই ঘটনাৰ মুখ্য ষড়যন্ত্ৰকাৰী বুলি অভিযোগ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি