দিল্লীৰ হাড় কঁপোৱা ঠাণ্ডা! ১৪ বছৰৰ পিছত নৱেম্বৰ মাহতে ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিল তাপমাত্ৰা

News18 Assam | News18-Assam
Updated:November 20, 2020, 7:46 PM IST
দিল্লীৰ হাড় কঁপোৱা ঠাণ্ডা! ১৪ বছৰৰ পিছত নৱেম্বৰ মাহতে ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিল তাপমাত্ৰা
যোৱা ১৪ বছৰৰ পিছত শুকুৰবাৰৰ দিনটোত ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিল তাপমাত্ৰা।

যোৱা ১৪ বছৰৰ পিছত শুকুৰবাৰৰ দিনটোত ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিল তাপমাত্ৰা।

  • Share this:
কোৰোণাৰ ভাইৰাছৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে নতুন দিল্লীত। তাৰ মাজতে প্ৰচণ্ড শীতৰ কৱলত পৰিছে দিল্লী। ১৪ বছৰৰ পিছত শুকুৰবাৰৰ দিনটোত ৭.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিল তাপমাত্ৰা। যোৱা বছৰ সৰ্বনিম্ন ১১.৫ ডিগ্ৰী চেলচিয়াচলৈ নামিছিল দিল্লীৰ তাপমাত্ৰা। সেইদৰে ২০১৮ত ১০.৫ আৰু ২০১৭ চনৰ নৱেম্বৰ মাহত ৭.৬ ডিগ্ৰী চেলচিয়াচলৈ নামিছিল তাপ মাত্ৰা।

উল্লেখযোগ্য যে, ১৯৩৮ চনত দিল্লীৰ তাপ মাত্ৰা নৱেম্বৰ মাহত ৩.৯ ডিগ্ৰী চেলচিয়াচলৈ নামিছিল। যি এক ৰেকৰ্ড। ইফালে দিল্লীত এতিয়া ভয়ংকৰ গতিত বাঢ়িছে বায়ু প্ৰদূষণ। এনেদৰে প্ৰদূষণ হ’লে এটা সময়ত দিল্লী মানুহ বাস কৰাৰ বাবে অনুপযোগী হৈ পৰিব বুলিও আশংকা কৰা হৈছে।
Published by: Himangshu Bhuyan
First published: November 20, 2020, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading