• Home
  • »
  • News
  • »
  • nation
  • »
  • SMত গ্ৰুপ বনাই নাবালিকা ছাত্ৰীক বলাৎকাৰৰ পৰিকল্পনা অভিজাত বিদ্যালয়ৰ ছাত্ৰৰ! ‘বয়জ ল’কাৰ ৰূম’ৰ কেই‍বাজনো সদস্য আৰক্ষীৰ জালত

SMত গ্ৰুপ বনাই নাবালিকা ছাত্ৰীক বলাৎকাৰৰ পৰিকল্পনা অভিজাত বিদ্যালয়ৰ ছাত্ৰৰ! ‘বয়জ ল’কাৰ ৰূম’ৰ কেই‍বাজনো সদস্য আৰক্ষীৰ জালত

ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়জ ল’কাৰ ৰূম নামৰ গ্ৰুপটোৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  (প্ৰতীকাত্মক ছবি) 

ছচিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত বয়জ ল’কাৰ ৰূম নামৰ গ্ৰুপটোৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  (প্ৰতীকাত্মক ছবি) 

চাইবাৰ চেলে দিল্লীৰ অভিজাত স্কুলৰ ছাত্ৰসকলক আটক কৰিছে। তেওঁলোকৰ ম’বাইল ফোন জব্দ কৰিছে। জানিব পৰা মতে গ্ৰুপটোৰ প্ৰায় ২০জন ছাত্ৰক চিনাক্ত কৰা হৈছে।

  • Share this:
দেশৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীৰ এক বীভৎস কাণ্ডই। ইনষ্টাগ্ৰামৰ এটা গ্ৰুপ ‘বয়জ ল’কাৰ ৰূম’ত নাবালিকা কিশোৰীৰ ফটো শ্বেয়াৰ কৰি অশ্লীল টিপ্পনী কৰি ‘বলাৎকাৰ’ৰ পৰিকল্পনা কৰা এটা কমবয়সীয়া ছাত্ৰৰ গোটৰ কাণ্ডক লৈ হতভম্ব সকলো। দক্ষিণ দিল্লীৰ কেইবাখনো অভিজাত বিদ্যালয়ৰ ছাত্ৰকেইজনে ছচিয়েল মিডিয়াত বিকৃত যৌন কামনা পূৰণ কৰিবলৈ এটা গ্ৰুপ বাচি লোৱা কাৰ্যই জোকাৰি গৈছে প্ৰতিজন অভিভাৱকক। এই কাণ্ড সন্দৰ্ভত সক্ৰিয় হৈছে আৰক্ষীৰ চাইবাৰ চেল। দৰাচলতে দক্ষিণ দিল্লীৰ এজনী ছাত্ৰীয়ে এই গ্ৰুৰ সম্বন্ধত এক স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল। ছোৱালীজনীয়ে লিখিছিল যে দক্ষিণ দিল্লীত ১৭ৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰৰ এটা গ্ৰুপ আছে। এই গ্ৰুপটোৰ নাম বয়জ ল’কাৰ ৰূম। ইয়াত কমবয়সীয়া ছাত্ৰীসকলৰ ফটো লৈ সম্পাদনা কৰি অভব্য কৰি তোলা হয়। ছোৱালীজনীয়ে লিখিছিল যে ইয়াত তেওঁলোকৰ স্কুলৰ দুজন ছাত্ৰও জৰিত। ছোৱালীজনীয়ে গ্ৰুপটোৰ ল’ৰাবোৰৰ এখন তালিকা আৰু কথা–বতৰাৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কিৰছিল। দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষা স্বাতি মালিৱালে এই কাণ্ডত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পিছতে আৰক্ষী সক্ৰিয় হয়।

বয়জ ল’কাৰ ৰূমৰ সন্দৰ্ভত তদন্ত কৰাৰ পিছত ৪–৫জন ল’ৰা ধৰা পৰিছে আৰু আনসকলকো চিনাক্ত কৰা হৈছে। ইনষ্টাগ্ৰাম গ্ৰুপ বয়জ ল’কাৰ ৰূমক লৈ চাঞ্চল্য অব্যাহত। চাইবাৰ চেলৰ জালত পৰিছে দিল্লীৰ নামী স্কুলৰ শিক্ষাৰ্থী। তেওঁলোকৰ ম’বাইল ফোনসমূহ ইতিমধ্যে জব্দ কৰা হৈছে। উল্লেখযোগ্য যে গ্ৰুপৰ প্ৰায় ২০জন শিক্ষাৰ্থীক চিনাক্ত কৰা হৈছে। সকলো দক্ষিণ দিল্লীৰ ৪–৫খন স্কুলৰ ছাত্ৰ।

চাইবাৰ চেলে এফআইআৰত আইপিচি ৪৬৫, ৪৭১, ৪৬৯, ৫০৯ৰ দৰে ধাৰাও অন্তৰ্ভুক্ত কৰিছে। যিসমূহ ল’ৰাক চিনাক্ত কৰা হৈছে, তেওঁলোকক সোনকালেই সোধা–পোচাৰ কাৰণে মতা হ’ব। উল্লেখযোগ্য যে ইনষ্টাগ্ৰামত বয়জ ল’কাৰ ৰূমৰ গ্ৰুপ চাট লিক হোৱাক লৈ দিল্লী আৰক্ষীৰ চাইবাৰ চেলে এইআইআৰ দাখিল কৰিছিল।

 
First published: