পিতৃক বিচাৰি কান্দিছে তিনি সন্তানে, দিল্লী হিংসাত প্ৰাণ হেৰুওৱা কনিষ্টবলৰ পত্নী বাৰে বাৰে গৈছে মূৰ্ছা

News18 Assam | News18-Assam
Updated:February 25, 2020, 5:32 PM IST
পিতৃক বিচাৰি কান্দিছে তিনি সন্তানে, দিল্লী হিংসাত প্ৰাণ হেৰুওৱা কনিষ্টবলৰ পত্নী বাৰে বাৰে গৈছে মূৰ্ছা
নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দিল্লীত দুটা শিবিৰৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল আৰক্ষী কনিষ্টবল ৰতন লালে

নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দিল্লীত দুটা শিবিৰৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল আৰক্ষী কনিষ্টবল ৰতন লালে

  • Share this:
‘বাবাক নোহোৱাকৈ কি হ’ব আমাৰ? কেনেকৈ থাকিম, কেনেকৈ চলিম?’

এটা মৰ্মান্তিক খবৰ! কি হ’ব এতিয়া কণমানি তিনিটা শিশুৰ? হঠাৎ পিতৃহাৰা হোৱা শিশু তিনিটাৰ মাতৃ এতিয়াও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থালৈ। স্বামীৰ মৃত্যুৰ খবৰ শুনাৰ পিছৰ পৰাই বাৰে বাৰে মূৰ্ছা গৈছে পত্নী।

এগৰাকী আৰক্ষী কনিষ্টবৰ, নাম ৰতন লাল। দিল্লীৰ মৌজপুৰত নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল কৰ্তব্যৰত আৰক্ষী কনিষ্টবল ৰতন লালে। মূৰত প্ৰচণ্ড আঘাত পাই ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লৈছিল ৰতন লালে।

ৰতন লালৰ মৃত্যুৰ পিছতে এতিয়া তেওঁৰ পৰিয়ালটোলৈ নামি আহিছে অমানিশা। স্বামীৰ মৃত্যু খবৰ শুনি মূৰ্ছা গ’ল পত্নী পুণম। সৰুতেই পিতৃহাৰা হ’ল ৮ বছৰীয়া পুত্ৰ ৰাম, দুই কন্যা সিদ্ধি(১৩) আৰু কনক(১০)। ডাঙৰ জনী ছোৱালীয়ে বাৰে বাৰে কৈছে, ‘বাবাক নোহোৱাকৈ কি হ’ব আমাৰ? কেনেকৈ থাকিম, কেনেকৈ চলিম?’

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading