• Home
  • »
  • News
  • »
  • nation
  • »
  • Heroin Seized: দিল্লীত উদ্ধাৰ ৩ কুইণ্টল ৫৪ কিলোগ্ৰাম হেৰোইন, মূল্য ২,৫০০ কোটি

Heroin Seized: দিল্লীত উদ্ধাৰ ৩ কুইণ্টল ৫৪ কিলোগ্ৰাম হেৰোইন, মূল্য ২,৫০০ কোটি

 হেৰোইন প্ৰস্তুত কৰাৰ বাবে ইয়াৰ কেঁচা সামগ্ৰী মধ্য প্ৰদেশৰ ওচৰৰ শিৱপুৰৰ এটা কাৰখানালৈ প্ৰেৰণ কৰা হয়। তাত আফগান বিশেষজ্ঞৰ সহায়ত হেৰোইন তৈয়াৰ কৰা হৈছিল।

  • Share this:

দিল্লীত উদ্ধাৰ হৈছে বৃহৎসংখ্যক হেৰোইন। ৩৫৪ কিলোগ্ৰাম ওজনৰ হেৰোইন দিল্লীৰ ওচৰৰ ফৰিদাবাদৰ এটা ঘৰৰ পৰা জব্দ কৰা হৈছে। ইয়াৰ বজাৰ মূল্য আনুমানিক ২,৫০০ কোটি টকা। আৰক্ষীয়ে উল্লেখ কৰা মতে, আন্তৰ্জাতিক ড্ৰাগছ সৰবৰাহকাৰীৰ বৃহৎ দলটোৱে আফগানিস্তান, ভাৰত আৰু ইউৰোপত তেওঁলোকৰ বজাৰ চলাইছিল। আৰক্ষীয়ে এই ঘটনাৰে জড়িত চাৰিজন লোকক আটক কৰাৰ উপৰি ঘটনাটোৰে সন্ত্ৰাসবাদী সংগঠন জড়িত আছে নেকি তাৰ তদন্ত কৰি আছে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আয়ুক্ত নিৰজ ঠাকুৰে জনোৱা মতে, গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে আফগান নাগৰিক হজৰত আলী, কাশ্মীৰৰ বাসিন্দা ৰিজৱান আহমেদ আৰু পঞ্জাৱৰ গুৰজত সিং আৰু গুৰদীপ সিং নামৰ দুজন ব্যক্তি। এই চক্ৰৰ সদস্যসকল আফগানিস্তান, ভাৰত আৰু ইউৰোপত সক্ৰিয়।

উল্লেখ্য আৰক্ষীয়ে ইয়াৰ লগতে হেৰোইন তৈয়াৰ কৰিবলৈ ব্যৱহৃত ১০০ কিলোগ্ৰাম ৰাসায়নিক পদাৰ্থও পাইছে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা মতে, এই ড্ৰাগছ আফগানিস্তানৰ আছিল। ভাৰতৰ জৱাহৰলাল নেহৰু বন্দৰ ব্যৱহাৰ কৰি ইৰাণৰ চাবাহাৰ বন্দৰৰ পৰা মহাৰাষ্ট্ৰৰ মুম্বাইলৈ প্ৰেৰণ কৰা হৈছিল।

আনহাতে হেৰোইন প্ৰস্তুত কৰাৰ বাবে ইয়াৰ কেঁচা সামগ্ৰী মধ্য প্ৰদেশৰ ওচৰৰ শিৱপুৰৰ এটা কাৰখানালৈ প্ৰেৰণ কৰা হয়। তাত আফগান বিশেষজ্ঞৰ সহায়ত হেৰোইন তৈয়াৰ কৰা হৈছিল। শেষত ইয়াক দিল্লী, পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, জম্মু–কাশ্মীৰ আৰু ভাৰতৰ অন্যান্য প্ৰান্তত বিক্ৰী কৰা হৈছিল।

Published by:Gautam Barman
First published: