দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে আজি দেশৰ ৰাজধানীস্থিত টুইটাৰৰ কাৰ্যালয়ত উপস্থিত হয়। আৰক্ষীয়ে দিল্লীৰ লাডো চৰাই আৰু হাৰিয়ানাৰ গুৰুগ্ৰামত থকা মাইক্ৰ'ব্লগিং প্লেটফৰ্মৰ কাৰ্যালয়ত তালাচী চলায়। এএনআইৰ প্ৰতিবেদন মতে, দিল্লী আৰক্ষীৰ দলটোৱে টুইটাৰৰ কাৰ্যালয়লৈ গৈ নিয়মীয়া প্ৰক্ৰিয়াৰ অংশ হিচাপে টুইটাৰক জাননী প্ৰদান কৰে।
আজি দিনৰ ভাগত আৰক্ষীৰ স্পেচিয়েল চেলে কোভিড -১৯ 'টুলকিট' সম্পৰ্কীয় অভিযোগটোৰ তদন্তৰ খাতিৰত টুইটাৰলৈ জাননী প্ৰেৰণ কৰে আৰু বিজেপি নেতা সম্বিত পাত্ৰৰ এটা টুইটক 'মেনিপুলেটিভ' হিচাপে শ্ৰেণীবদ্ধ কৰাৰ বাবে মাইক্ৰ'ব্লগিং ছাইটটোৰ পৰা স্পষ্টীকৰণ বিচাৰে। আৰক্ষীৰ মতে, টুইটাৰৰ ওচৰত কিছুমান তথ্য আছে যিটো আৰক্ষীৰ জ্ঞাত নহয়। এই তথ্য তদন্তৰ বাবে প্ৰাসংগিক বুলি দিল্লী আৰক্ষীৰ পিআৰঅ' চিন্ময় বিশ্বৱালে কয়।
উল্লেখ্য, বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই শেহতীয়াকৈ টুইটাৰত এক নথি শ্বেয়াৰ কৰিছে৷ সম্বিত পাত্ৰই দাবী কৰিছে যে কংগ্ৰেছে কেনেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বদনাম কৰিবলৈ চেষ্টা কৰি আছে তাৰ প্ৰমাণ এই নথি৷ সম্বিত পাত্ৰৰ এই টুইটটোক ২১ মে'ত "প্ৰভাৱিত" বুলি টেগ কৰিছিল টুইটাৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|