ৰক্ষকেই যেতিয়া ভক্ষক হয়! মহিলা দেখিলেই নিজৰ যৌনাংগ প্ৰদৰ্শন কৰি অশ্লীল ইংগিত দিয়া এজন আৰক্ষী বিষয়া। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে এতিয়া থানাত গোচৰ দিছে বহু মহিলাই। ঘেৰাও কৰিছে থানা। ঘটনাটো
সংঘটিত হৈছে পশ্চিম দিল্লীৰ দ্বাৰকা অঞ্চলত। ঘটনা অনুসৰি, অঞ্চলটোৰ স্থানীয় আৰক্ষী থানাৰ পুনিত গাৰেৱাল নামৰ উপ-পৰিদৰ্শকজনে কিছুদিনৰ পৰা মহিলা আৰু যুৱতীসকলক প্ৰদৰ্শন কৰি আহিছিল অশ্লীল ইংগিত। নম্বৰ প্লেটবিহীন গাড়ীৰে ঘূৰি এনে কু-কৰ্ম কৰি ফুৰে বুলি অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।আৰক্ষী বিষয়াজনৰ এনে কৰ্ম কাণ্ডত অতিষ্ঠ হৈ স্থানীয় ৪ গৰাকী ভুক্তভোগী মহিলাই অৱশেষত গোচৰ তৰিলে স্থানীয় আৰক্ষী থানাত। তেওঁলোকে উল্লেখ কৰা মতে, ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈকে প্ৰতিদিনে এই বিষয়াজনৰ কু-কৰ্মৰ বলি হৈছিল তেওঁলোক। এই খবৰ বিয়পি পৰাৰ পিছতেই থানাখনত বহুতো ভুক্তভোগী যুৱতী মহিলাই বিষয়াজনৰ বিৰুদ্ধে গোচৰ দিয়েহি।
ইয়াৰ পিছতেই মহিলাকেইগৰাকীৰ গোচৰৰ ভিত্তিত শনিবাৰে আৰক্ষীয়ে তদন্ত কৰি নম্বৰ প্লেট বিহীন গাড়ীসহ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বিবাহিত অভিযুক্ত আৰক্ষী বিষয়াজনক।
ইয়াৰ পূৰ্বে ১৯ অক্টোবৰত এগৰাকী ভুক্তভোগী যুৱতীয়ে ছচিয়েল মিডিয়াত তেওঁ সেইদিনা পুৱা চাইক্লিংৰ সময়ত সন্মুখীন হোৱা সমগ্ৰ ঘটনাৰ বিৱৰণ ভিডিঅ' যোগে আপলোড কৰাৰ লগতে অভিযুক্ত উপ-পৰিদৰ্শকজনে ব্যৱহাৰ কৰা গাড়ীখনৰ ছবিও আপলোড কৰিছিল।
ভিডিঅ'টোত ভুক্তভোগী যুৱতীগৰাকীয়ে কৈছিল যে- ‘পুৱা মই দ্বাৰকাৰ দুশেৰা খেলপথাৰত চাইক্লিং কৰি থাকোতে এজন ব্যক্তিক মটীয়া ৰঙৰ বলেন' গাড়ীত বহি থকা দেখা পাও। তেওঁ মোক চেক্টৰ-১৪ লৈ যাব বিচাৰে। আৰু মোৰ লগত কথা পাতি থাকোতে তেওঁ নিজৰ পেণ্টৰ চেইনডাল লৰালৰিকৈ খোলে আৰু নিজৰ যৌনাংগত হাতেৰে স্পৰ্শ কৰি মোক অশ্লীল ইংগিত দিয়ে। লগে লগে মই সেই দৃশ্য দেখি চিঞৰো আৰু সেই স্থান ত্যাগ কৰো।" ভিডিঅ'টোৰ জৰিয়তে দিল্লী আৰক্ষীক তাৎক্ষণিকভাৱে যুৱতীগৰাকীয়ে দোষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাছিল।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|