জামিয়াত এসপ্তাহত তৃতীয়টো গুলীচালনাৰ ঘটনা, আৰক্ষীয়ে নাপালে ঘটনাস্থলীত খালী কাৰ্টিজ!

News18 Assam | News18-Assam
Updated:February 3, 2020, 9:22 AM IST
জামিয়াত এসপ্তাহত তৃতীয়টো গুলীচালনাৰ ঘটনা, আৰক্ষীয়ে নাপালে ঘটনাস্থলীত খালী কাৰ্টিজ!
সাংকেতিক ছ‍বি

দেওবাৰে নিশা জামিয়া বিশ্ববিদ্যালয়ৰ সমীপৰ গুলীচালনাক লৈ দিল্লী আৰক্ষীয়ে দিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। নিশা ঘটনাস্থলীত পোৱা নগ’ল কোনো খালী কাৰ্টিজ। 

  • Share this:
াদেওবাৰে নিশা জামিয়া বিশ্ববিদ্যালয়ৰ সমীপৰ গুলীচালনাৰ ঘটনাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত কোনো ধৰণৰ খালী কাৰ্টিজ লাভ কৰাৰ কথা অস্বীকাৰ কৰিছে। বাতৰি সংস্থা, এএনআইৰ মতে এই ক্ষেত্ৰত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে। অজ্ঞাত দুৰ্বৃত্তই জামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত গুলীচালনা কৰিছিল, এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ বাহিৰত দেওবাৰে নিশা দুটা দুৰ্বৃত্তই গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল।



ৰঙা মটৰচাইকেলত দুৰ্বৃত্তই আহি গুলীচালনা কৰাৰ অভিযোগ

জামিয়া সম্বনয় সমিতিৰ বিবৃতি অনুসৰি আক্ৰমণকাৰীয়ে ৰঙা ৰঙৰ মটৰচাইকেলত আহি গুলী চলাইছিল। বিবৃতিত কোৱা হৈছে যে এটা দুৰ্বৃত্তই ৰঙা জেকেট পৰিধান কৰি আছিল। এসপ্তাহৰ ভিতৰত তৃতীয়টো গুলীচালনা ঘটনা এইটো।

ভাৰতীয় দণ্ডবিধি আৰু সশস্ত্ৰ অধিনিয়ম মতে হত্যাৰ প্ৰয়াসৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলোৱা হৈছে।

ইয়াৰ আগতেও দুবাৰ গুলীচালনা

শ্বাহিন বাগ এলেকাত শণিবাৰে কা বিৰোধী বিক্ষোভৰ মাজতে ২৫বছৰীয়া এজন যুৱকে শূণ্যত গুলী চলাইছিল। লগে লগে যুৱকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ আগতে বৃহস্পতিবাৰে এজন ব্যক্তিয়ে কা বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত গুলী চলাইছিল য’ত জামিয়া মিলিয়া ইছলামিয়াৰ এজন ছাত্ৰ আহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে কি কয়?

কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক আছিম মহম্মদ খানে কৈছিল যে সেই ঘটনা ৰাতি প্ৰায় চাৰে এঘাৰ বজাত সংঘটিত হৈছিল। এজন ছাত্ৰই কয়, আমি গুলী চলাৰ শব্দ শুনিলো। যেতিয়া বাহিৰলৈ আহিলো তেতিয়া দুজন লোকে স্কুটীত উঠি গুচি গৈছিল। তেওঁলোকে কয়, লগে লগে বাহনৰ নম্বৰ সংগ্ৰহ কৰি আৰক্ষীক খবৰ দিয়া হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি