• Home
  • »
  • News
  • »
  • nation
  • »
  • কৃষক আন্দোলনক লৈ টুইট কৰা বাবে গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে অভিযোগ দাখিল দিল্লী আৰক্ষীৰ, কি প্ৰত্যুত্তৰ দিলে সাহসী গ্ৰেটাই?

কৃষক আন্দোলনক লৈ টুইট কৰা বাবে গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে অভিযোগ দাখিল দিল্লী আৰক্ষীৰ, কি প্ৰত্যুত্তৰ দিলে সাহসী গ্ৰেটাই?

১৩ আৰু ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ কথাও জনাইছে গ্ৰেটাই।

১৩ আৰু ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ কথাও জনাইছে গ্ৰেটাই।

১৩ আৰু ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ কথাও জনাইছে গ্ৰেটাই।

  • Share this:
কৃষক আন্দোলনক লৈ টুইট কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আন্দোলনকৰ্মী গ্ৰেটা থুনবাৰ্গৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিলে দিল্লী আৰক্ষীয়ে। কৃষকসকলক সমৰ্থন জনোৱাত অপৰাধনমূলক ষড়যন্ত্ৰ আৰু ধৰ্মৰ ভিত্তিত শত্ৰুতা প্ৰচাৰৰ অভিযোগ আনিছি দিল্লী আৰক্ষীয়ে।

কেন্দ্ৰৰ তিনিখন কৃষি আইন বাতিলৰ দাবীত আন্দোলন কৰিছে কৃষকসকলে। সেই আন্দোলনৰ সমৰ্থনত টুইট কৰিছিল গ্ৰেটাই। কেৱল গ্ৰেটাই নহয়, আন্তঃৰাষ্ট্ৰীয় স্তৰ পাইছেগৈ এই আন্দোলন। বহু লোকে আগবঢ়াইছে মন্তব্য। মাৰ্কিন পপ তাৰকা ৰিহানায়ো কৃষক আন্দোলনক লৈ টুইট কৰিছে।

গ্ৰেটাই টুইটত লিখিছি, মই ভাৰতৰ কৃষকসকলৰ একতাৰ সৈতে আছো। ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদ কৰাৰ কথাও জনাইছে গ্ৰেটাই।

দিল্লী আৰক্ষীয়ে অভিযোগ দাখিল কৰাৰ পিছত পুনৰ গ্ৰেটাই আন এটা টুইট কৰে। গ্ৰেটাই লিখিছে - এতিয়াও কৃষকসকলৰ শান্তিপূৰ্ণ প্ৰতিবাদলৈ মোৰ সমৰ্থন আছে। কোনো ঘৃণা, ভাবুকি বা মানৱ অধিকাৰ উলংঘাই সেয়া সলনি কৰিব নোৱাৰে।
Published by:Sanjay Kumar Das
First published: