মৃত্যু হোৱা নাই আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ, স্পষ্ট কৰিলে তিহাৰ জেল কৰ্তৃপক্ষই

News18 Assam | News18-Assam
Updated:May 7, 2021, 9:35 PM IST
মৃত্যু হোৱা নাই আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজনৰ, স্পষ্ট কৰিলে তিহাৰ জেল কৰ্তৃপক্ষই
অপৰাধীজনৰ মৃত্যুৰ বাতৰি ভুৱা বুলি প্ৰকাশ কৰিছে এইমছৰ লগতে অপৰাধী ৰাজন বন্দী হৈ থকা তিহাৰ জেল কৰ্তৃপক্ষই

অপৰাধীজনৰ মৃত্যুৰ বাতৰি ভুৱা বুলি প্ৰকাশ কৰিছে এইমছৰ লগতে অপৰাধী ৰাজন বন্দী হৈ থকা তিহাৰ জেল কৰ্তৃপক্ষই

  • Share this:

পুনৰ চৰ্চালৈ আহিছে আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজন। আজি কুখ্যাত মাফিয়া ডনগৰাকীৰ এইমছত মৃত্যু হোৱা বুলি খবৰ আহিছিল যদিও এয়া ভুৱা বাতৰি বুলি জানিব পৰা গৈছে।


কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত আণ্ডাৰৱৰ্ল্ড ডন ৰাজেন্দ্ৰ নিখলজে ওৰফে ছোটা ৰাজন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ মৃত্যুৰ বাতৰি ভুৱা বুলি প্ৰকাশ কৰিছে এইমছৰ লগতে অপৰাধী ৰাজন বন্দী হৈ থকা তিহাৰ জেল কৰ্তৃপক্ষই।


কোৰোণাত আক্ৰান্ত হৈ এইমছত ভৰ্তি হোৱা ৰাজন বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য, ৬১ বছৰীয়া ৰাজনক ২০১৫ চনত ইণ্ডোনেছিয়াৰ বালিৰ পৰা প্ৰত্যাৰ্পণৰ পিছত গ্ৰেপ্তাৰ কৰি তিহাৰ কাৰাগাৰত ৰখা হৈছিল। তিহাৰ কাৰাগাৰ প্ৰশাসনে যোৱা সোমবাৰে দিল্লীৰ এখন সত্ৰ আদালতক ছোটা ৰাজন কোভিড সংক্ৰমিত হৈছে বুলি উল্লেখ কৰিছিল।

Published by: Gautam Barman
First published: May 7, 2021, 9:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি