জামিয়াত হিংসাঃ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত প্ৰৱেশ কৰি ছাত্ৰ–ছাত্ৰীক প্ৰহাৰ আৰক্ষীৰ, চাওক Video

News18 Assam | News18-Assam
Updated:February 16, 2020, 12:54 PM IST
জামিয়াত হিংসাঃ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত প্ৰৱেশ কৰি ছাত্ৰ–ছাত্ৰীক প্ৰহাৰ আৰক্ষীৰ, চাওক Video
জামিয়া Coordination Committeeয়ে ভিডিঅ’ দেখুওৱাৰ লগতে দিল্লী আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়।আনকি ভিডিঅ’ ছচিয়েল মিডিয়াতো আপলোড কৰা হয়।

জামিয়া Coordination Committeeয়ে ভিডিঅ’ দেখুওৱাৰ লগতে দিল্লী আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়।আনকি ভিডিঅ’ ছচিয়েল মিডিয়াতো আপলোড কৰা হয়।

  • News18 Assam
  • Last Updated: February 16, 2020, 12:54 PM IST
  • Share this:
নাগৰিকত্ব সংশোধনী আইন,২০১৯ৰ বিৰুদ্ধে দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত অব্যাহত আছে প্ৰতিবাদ। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীসকল প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিছে বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত। শনিবাৰে জামিয়াৰ ছাত্ৰ–ছাত্ৰীসকলে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল। পিছত দিল্লী আৰক্ষীয়ে ছাত্ৰ–ছাত্ৰীক প্ৰহাৰ কৰে। এতিয়া জামিয়া Coordination Committeeয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ৪৯ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে, বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত সোমাই আৰক্ষীয়ে ছাত্ৰ–ছাত্ৰীসকলক মাৰপিট কৰিছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত দিল্লীৰ বিশেষ আৰক্ষী আয়ুক্ত প্ৰবীৰ ৰঞ্জনে ঘটনাৰ তদন্তৰ আদেশ দিছে।

আৰু চাওক
পৰৱৰ্তী বাতৰি