কাশ্মীৰত ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে “এতিয়াও মহিলাৰ যৌন নিৰ্যাতন চলি আছে” বুলি কৰা মন্তব্যক লৈ দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষীয়ে।
আৰক্ষীৰ বিশেষ আয়ুক্ত (আইন-শৃংখলা) সাগৰ প্ৰীত হুদাৰ নেতৃত্বত ৰাহুল গান্ধীৰ ১২ নং টোগলক লেনৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দলটো।
ছ’চিয়েল মিডিয়াৰ পোষ্টৰ প্ৰতি সচেতন হৈ আৰক্ষীয়ে কংগ্ৰেছ নেতাগৰাকীলৈ প্ৰশ্নাৱলী প্ৰেৰণ কৰি তেওঁক “যৌন নিৰ্যাতনৰ সন্দৰ্ভত তেওঁৰ কাষ চাপি অহা মহিলাসকলৰ বিষয়ে সবিশেষ দিবলৈ” কৈছিল।আৰক্ষীয়ে তেওঁক এই ভুক্তভোগীসকলৰ সবিশেষ দিবলৈ কৈছিল যাতে নিৰাপত্তাৰ ব্যৱস্থা কৰিব পৰা যায় তেওঁলোকক।
“আমি ইয়ালৈ আহিছো তেওঁৰ লগত কথা পাতিবলৈ। যোৱা ৩০ জানুৱাৰীত শ্ৰীনগৰত ৰাহুল গান্ধীয়ে এক বিবৃতি দিছিল যে ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁ কেইবাগৰাকীও মহিলাক লগ পাইছিল আৰু তেওঁলোকে তেওঁক ধৰ্ষণ কৰা বুলি জনাইছিল। আমি তেওঁৰ পৰা সবিশেষ ল’বলৈ চেষ্টা কৰিছো যাতে ভুক্তভোগীক ন্যায় দিব পাৰে" বুলি হুডাই সাংবাদিকৰ আগত এইদৰে কয়।
ভাৰত জোড়ো যাত্ৰাৰ সময়ত কি কৰিছিল ৰাহুল গান্ধীয়ে?
আৰক্ষীৰ মতে, ভাৰত জোড়ো যাত্ৰাৰ সময়ত তেওঁৰ অভিজ্ঞতা আৰু মহিলাসকলে সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে তেওঁৰ ওচৰলৈ এগৰাকী যুৱতীয়ে আহি তেওঁৰ সন্মুখীন হোৱা নিৰ্যাতনৰ কথা কোৱাৰ কথা কৈছিল।
আৰক্ষীৰ মতে, ‘এটা বিশেষ গোচৰত মই এগৰাকী যুৱতীক সুধিছিলো, তেওঁক ধৰ্ষণ কৰা হৈছে, মই তেওঁক সুধিছিলো যে আমি আৰক্ষীক ফোন কৰিব লাগেনে, তেওঁ কৈছিল যে আৰক্ষীক ফোন নকৰিব তেতিয়া মই লাজ পাম।’ বুলি ৰাহুল গান্ধীয়ে কয়।
কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰি কয় যে আদানী-হিণ্ডেনবাৰ্গৰ বিবাদক লৈ ৰাহুল গান্ধীৰ প্ৰশ্নই চৰকাৰক জোকাৰি গৈছে।
"ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ সম্পৰ্কক লৈ কৰা প্ৰশ্নত লৰচৰ কৰা এখন চৰকাৰে নিজৰ আৰক্ষীৰ আঁৰত লুকাই আছে। ভাৰত জোড়ো যাত্ৰা সম্পূৰ্ণ হোৱাৰ ৪৫ দিনৰ পাছত দিল্লী আৰক্ষীয়ে জাননীৰ জৰিয়তে তেওঁক লগ কৰা আৰু হাৰাশাস্তি আৰু হিংসাৰ কথা কোৱা মহিলাসকলৰ সবিশেষ বিচাৰিছে।" বুলি কংগ্ৰেছে টুইট কৰে।
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 20:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।