মোবাইল চুৰি চক্ৰৰ আছে কোম্পানী, টাৰ্গেট সম্পূৰ্ণ কৰিলে পায় এইসমূহ সুবিধা

টাৰ্গেট অনুসৰি মাহত ৮০ৰ পৰা ১০০টা চুৰি কৰিলে চোৰকেইটাক মদ আৰু মাংসৰে পাৰ্টী দিয়ে মাষ্টাৰ মাইণ্ড চমন লালে।

news18assam
Updated:May 6, 2019, 12:27 PM IST
মোবাইল চুৰি চক্ৰৰ আছে কোম্পানী, টাৰ্গেট সম্পূৰ্ণ কৰিলে পায় এইসমূহ সুবিধা
টাৰ্গেট অনুসৰি মাহত ৮০ৰ পৰা ১০০টা চুৰি কৰিলে চোৰকেইটাক মদ আৰু মাংসৰে পাৰ্টী দিয়ে মাষ্টাৰ মাইণ্ড চমন লালে।
news18assam
Updated: May 6, 2019, 12:27 PM IST
দিল্লী আৰক্ষীৰ বৃহৎ সফলতা। উত্খাত কৰিলে বাছত গ্ৰাহকৰ পৰা মোবাইল চুৰি কৰা এটা বৃহৎ চক্ৰ। চুৰিৰ মাষ্টাৰমাইণ্ডসহ ৪টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল আৰক্ষী আৰু ইয়াৰ পিছতে আৰক্ষীয়ে লাভ কৰিছে বহু আশ্চৰ্যজনক তথ্য। আৰক্ষীৰ জালত পৰা এটা চোৰে ক’লে যে সিহঁতে কোম্পানী হিচাপে চলাই আহিছে চুৰি কাৰ্য। আৰক্ষীৰ জালত পৰা চমন লাল ওৰ্ফ নামৰ চোৰটো চুৰি কাৰ্যৰ মাষ্টাৰ মাইণ্ড। চমন লালৰ চোৰটোৱেই চলাই আহিছে চোৰৰ গেংগ। চমন লালৰ এজন অতি ঘনিষ্ঠই চমন লালৰ ওচৰলৈ লৈ আনে নতুন নতুন চোৰ। আৰু সেই চোৰকেইটাক দিয়া হয় টাৰ্গেট আৰু প্ৰতিদিনে এটা চোৰে চুৰি কৰি আনে ৭–৮টাকৈ মোবাইল।

বিশেষকৈ চলন্ত বাছৰ যাত্ৰীকে টাৰ্গেট কৰি লয় চোৰকেইটাই। আৰু টাৰ্গেট অনুসৰি মাহত ৮০ৰ পৰা ১০০টা চুৰি কৰিলে চোৰকেইটাক মদ আৰু মাংসৰে পাৰ্টী দিয়ে মাষ্টাৰ মাইণ্ড চমন লালে। চমন লালৰ বাবে কাম কৰিলে চোৰে পায় বিশেষ সুবিধা। সপ্তাহত ৫ দিনহে চুৰি কৰিব লাগে চোৰে। নিয়মানুসৰি শনিবাৰ আৰু দেওবাৰে ছুটি দিয়ে চমন লালে।
আৰু চাওক পৰৱৰ্তী বাতৰি