দিল্লী আৰক্ষীয়ে (Delhi Police) বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কোটদ্বাৰ (Kotdwar)ৰ পৰা বৃহৎ সংখ্যক ভুৱা ৰেমডেচিভিৰ বেজী (Remdesivir Injection) জব্দ কৰে।
দিল্লী আৰক্ষীয়ে (Delhi Police) বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কোটদ্বাৰ (Kotdwar)ৰ পৰা বৃহৎ সংখ্যক ভুৱা ৰেমডেচিভিৰ বেজী (Remdesivir Injection) জব্দ কৰে।
কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণে সমগ্ৰ দেশৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ অৱস্থা শোচনীয় কৰি পেলাইছে। ইফালে, অত্যাৱশ্যকীয় ঔষধৰ ক'লা বিপণনো বৃহৎ প্ৰকাৰে গা কৰি উঠিছে। কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ মাজতে একাংশ অসাধু লোকে ইয়াক টকা উপাৰ্জন কৰাৰ কৌশল হিচাপে ব্যৱহাৰ কৰিছে।
দিল্লী আৰক্ষীয়ে (Delhi Police) বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ কোটদ্বাৰ (Kotdwar)ৰ পৰা বৃহৎ সংখ্যক ভুৱা ৰেমডেচিভিৰ বেজী (Remdesivir Injection) জব্দ কৰে। লগতে ভুৱা ইনজেকশ্যন প্ৰস্তুত কৰাত জড়িত থকাৰ অভিযোগত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তকেইজনৰ পৰা ৰেমডেচিভিৰ ১৯৬ টা ভুৱা বেজী জব্দ কৰা হৈছে। অভিযুক্তকেইজনে ইতিমধ্যে দুই হাজাৰ ভুৱা বেজী বিক্ৰী কৰিছে। দিল্লীৰ আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে টুইটাৰত এই তথ্য শ্বেয়াৰ কৰিছে। আনকি অভিযুক্ত লোককেইজনে ভুৱা ইনজেকশ্যন ২৫,০০০ টকাত বিক্ৰী কৰিছিল।
ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ৰেমডেচিভিৰ বেজীৰ ক'লা বিপণনৰ বাবে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে, এই বেজীটো কোৰোণা ভাইৰাছ (Corona virus)ৰ দ্বাৰা সংক্ৰমিত লোকৰ চিকিৎসাত সহায়ক আৰু ইয়াৰ যথেষ্ট চাহিদা আছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তসকলে ৰেমডেচিভিৰ এটা বেজীৰ চুক্তি ৪০,০০০ টকাৰ বিনিময়ত লেনদেন কৰি আছিল। অপৰাধ শাখাৰ আৰক্ষী উপায়ুক্ত মনিকা ভৰদ্বাজে কয় যে, অভিযানৰ সময়ত আৰক্ষীয়ে ৰেমডেচিভিৰ তিনিটা বেজী, নগদ ১.২০ লাখ টকা, ১০০ অক্সিমিটাৰ আৰু ৪৮ টা সৰু অক্সিজেন চিলিণ্ডাৰ জব্দ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|